ৰাণীত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ বিদায়ী কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাক সম্বৰ্ধনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 22 November 2022

ৰাণীত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ বিদায়ী কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাক সম্বৰ্ধনা

 

W7s news


গুৱাহাটী  : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাক শেহতীয়াকৈ উত্তৰ প্ৰদেশলৈ বদলি কৰা হৈছে । এই উপলক্ষে ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত যোৱানিশা আয়োজিত এক অনুষ্ঠানত কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাক বিদায় সম্বৰ্ধনা জনোৱা হয় । বাহিনীটোৰ  ডেপুটী কমাণ্ডেণ্ট  ৰবি শ্ৰীবাস্তব , সঞ্জয় কুমাৰ ৱালাং , মুখ্য চিকিৎসা বিষয়া ডাঃ দীপ্তি বুৰলেকে ধৰি উপস্থিত বিষয়া - জোৱান সকলে তেওঁক গামোছা , ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে । আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত কমাণ্ডেণ্ট শৰ্মাই ২০১৯ চনৰ জুলাই মাহত ৰাণীত কমাণ্ডেণ্ট হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত বিগত প্ৰায় ৩ বছৰ ৪ মাহত সহকৰ্মী বিষয়া - জোৱান সকলৰ পৰা লাভ কৰা সহায় - সহযোগিতাৰ কথা সদায় চিৰদিন শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলি সদৰি কৰে । অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদায়ী কমাণ্ডেণ্টৰ সন্মানাৰ্থে এক বৰাখানাৰ আয়োজন কৰা হয় । উল্লেখযোগ্য যে সুভাষ চন্দ্ৰ শৰ্মাৰ স্থানত বাহিনীটোৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ে কমাণ্ডেণ্ট ৰবি কুমাৰ ঝাঁক নিযুক্তি দিছে আৰু তেওঁ অহা ২৩ নৱেম্বৰত দায়িত্বভাৰ গ্ৰহণ কৰিব ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here