গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছ গোটৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে বীৰ লাচিতৰ জন্মজয়ন্তী উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 22 November 2022

গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছ গোটৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে বীৰ লাচিতৰ জন্মজয়ন্তী উদযাপন

 

W7s news


গুৱাহাটী   : গুৱাহাটী বিশ্ববিদ্যালয়ত  ৰাষ্ট্রীয় সেৱা আঁচনি ( এন এছ এছ ) গোটৰ উদ্যোগত  ১৯ নৱেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে  উদযাপন কৰা হৈছে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী । লাচিত দিৱসৰ লগত সংগতি ৰাখি ১৯ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত বীৰ লাচিত সম্পৰ্কে ৰচনা প্রতিযোগিতা অনুষ্ঠিত হয়। বীৰ লাচিতৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটৰ উদ্যোগত ২০ নৱেম্বৰত  বিশ্ববিদ্যালয় চৌহদত স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয় । একেদৰে ২১ নৱেম্বৰত বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্টছ ডে' হোমত এটি ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।  শিবিৰত  বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটৰ কাৰ্যসূচী সমন্বয়ক আৰু ছাত্ৰ কল্যাণ সঞ্চালক ডঃ  ৰঞ্জন কুমাৰ কাকতি , কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিক্ৰম চেত্ৰী ,   বিশ্ববিদ্যালয়ৰ বহু শিক্ষার্থীয়ে  স্বেচ্ছা ৰক্তদান কৰে। আনহাতে  আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত  মহাবীৰ লাচিত বৰফুকন বিষয়ক কুইজ আৰু বক্তৃতা প্রতিযোগিতা অনুষ্ঠিত হয় । ২৩ নৱেম্বৰ সামৰণিৰ দিনা ফণীধৰ দত্ত সভাগৃহত বীৰ লাচিত বৰফুকনৰ জীৱনৰ বিষয়ে বক্তৃতা প্ৰদান কৰিব অধ্যাপক  পাৰমিতা  দাসে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য প্রতাপজ্যোতি সন্দিকৈ, পঞ্জীয়ক  ডঃ  হেমন্ত কুমাৰ নাথ ,  ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে  বিশ্ববিদ্যালয়ৰ সকলো শিক্ষাৰ্থীৰ সহযোগিতা কামনা কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here