W7s news
গুৱাহাটী : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাক শেহতীয়াকৈ উত্তৰ প্ৰদেশলৈ বদলি কৰা হৈছে । তেওঁৰ স্থানত নিযুক্তি দিয়া হৈছে কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাঁক । ২৩ নৱেম্বৰত নৱনিযুক্ত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই কাৰ্যভাৰ গ্ৰহণ কৰে । এই উপলক্ষে ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত নৱনিযুক্ত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাঁক সম্বৰ্ধনা জনোৱা হয় । বাহিনীটোৰ ডেপুটী কমাণ্ডেণ্ট সঞ্জয় কুমাৰ ৱালাং , মুখ্য চিকিৎসা বিষয়া ডাঃ দীপ্তি বুৰলেকে ধৰি উপস্থিত বিষয়া - জোৱান সকলে তেওঁক গামোছা , ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে । আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই আগন্তক দিনত বিভাগীয় কাম - কাজত সকলোৰে সহায় - সহযোগিতা লাভ কৰিব বুলি আশা ব্যক্ত কৰে ।
No comments:
Post a Comment