অধিবক্তা মণ্ডলীৰ সংবিধান দিবস উপলক্ষে "অধিবক্তা সমাৰোহ" - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 November 2022

অধিবক্তা মণ্ডলীৰ সংবিধান দিবস উপলক্ষে "অধিবক্তা সমাৰোহ"

 





W7s news গুৱাহাটী:অধিবক্তা মণ্ডলী অসমৰ উদ্যোগত সংবিধান দিবস উপলক্ষে শনিবাৰে "অধিবক্তা সমাৰোহ" অনুষ্ঠিত হয় ।

গুৱাহাটী হেঙেৰাবাৰীস্হ সুদৰ্শনালয়ৰ কৰ্মযোগী গৌৰিশংকৰ চক্ৰৱৰ্তী সভাগৃহত অধিবক্তা সমাৰোহত গুৱাহাটী উচ্চ ন্যায়ালয় তথা অসমৰ বিভিন্ন জিলাৰ সত্ৰ আৰু অন্যান্য ন্যায়ালয়ত কৰ্মৰত ২১০ জন অধিবক্তাই অংশগ্রহণ কৰে। এই উপলক্ষে পুৱা ভাৰত মাতাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ আৰম্ভণি হয় । কাৰ্যক্ৰমত আদৰণি ভাষন দিয়ে অধিবক্তা মণ্ডলীৰ আহ্বায়ক কুমুদ কোঁৱৰে।  ইয়াৰ পাছত সংবিধানৰ প্ৰস্তাবনা পাঠ কৰে মণ্ডলীৰ সদস্য দীপ্ত প্ৰসাদ গোস্বামীয়ে। উদ্বোধনী ভাষন দিয়ে অসম চৰকাৰৰ  পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আইন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দুটা সত্ৰত অনুষ্ঠিত অধিবক্তা সমাৰোহত প্রথম সত্ৰত ৰ'ল অৱ এডভোকেট ইন জাষ্টিছ ডেলিভাৰী চিষ্টেম এণ্ড নেশ্বন বিল্ডিং

 "(Role of Advocate in Justice Delivery System & Nation Building" )ৰ বিষয়ে আলোচনা অনুষ্ঠিত হয়। এই  বিষয়তো অলোকপাত কৰে অসম চৰকাৰৰ  মহাধিবক্তা দেবজিত শইকীয়াই । আনহাতে, দ্বিতীয় সত্ৰত "Judicial Activism, Accountability & Role of Advocates" বিষয়ে আলোচনা কৰা হয়। উক্ত বিষয়ত  আলোকপাত কৰে গুৱাহাটী উচ্চ ন্যায়ালয় ৰ বিশিষ্ট  অধিবক্তা বিজন কুমাৰ মাহাজনে  । অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢাই মণ্ডলীৰ সদস্য গিৰিন পেগুৱে । সামুহিক বন্দে মাতৰম ৰ পৰিবেশন ৰ দ্বাৰা আজিৰ অনুষ্ঠানৰ সামৰণি পৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here