অন ফার্ম ইনপুট উৎপাদন গোট (ভার্মি ৱাছ)ৰ আনুষ্ঠানিক বিতৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 25 November 2022

অন ফার্ম ইনপুট উৎপাদন গোট (ভার্মি ৱাছ)ৰ আনুষ্ঠানিক বিতৰণ

 

W7s news গুৱাহাটী   : উত্তৰ-পূৰ্বাঞ্চলৰ বাবে মিছন জৈৱিক মূল্য শৃংখল বিকাশৰ দ্বাৰা প্ৰচাৰিত আমলিঘাট কল উৎপাদক কোম্পানী লিমিটেড এফপিচিয়ে মৰিগাঁৱত এফপিচিৰ অধীনত কৃষক সকলৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে মিছন জৈৱিক মূল্য শৃংখল বিকাশ, অসমৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 'অন ফার্ম ইনপুট উৎপাদন গোট' (ভার্মি ৱাছ) ৰ এক বিতৰণ কাৰ্যসূচী আয়োজন কৰে। আজি মুঠ ১৫ জন কৃষকক ভার্মি ৱাছ গোট বিতৰণ কৰা হয়। অসমৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে মিছন জৈৱিক মূল্য শৃংখল বিকাশ, অসম দ্বিতীয় পৰ্যায়ৰ অধীনৰ ১০ টা এফপিচিক অন ফার্ম ইনপুট উৎপাদন গোট' (ভার্মি ৱাছ) ৰূপায়ণৰ বাবে এক নির্দেশনা প্ৰদান কৰিছিল। এই নিৰ্দেশনা অনুসৰি প্ৰতিটো এফপিচিয়ে নিজৰ ৫০০ জন কৃষকৰ মাজত ৫০০ টা ভার্মি ৱাছ ইউনিট বিতৰণ কৰিব। মিছন জৈৱিক মূল্য শৃংখল বিকাশ, অসমৰ এছডিএছ' আৰু ন'ডেল বিষয়া  লক্ষ্মী দত্তই মৰিগাঁৱত এই বিতৰণ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে।


ভার্মি ৱাছ ইউনিটভ অন্তর্ভুক্ত আছে প্লাষ্টিক ড্রাম ( ২৫ লিটাৰ আৰু ২০০ লিটাৰ), পানীটেপ কল ( পিভিচি ) সংলগ্ন সরঞ্জাম, ১.৫ ফুট উচ্চতাৰ ইটা/পকীৰ গাঁথনি নির্মাণ, পৰিবহন, কেঁচা সামগ্ৰীৰ ব্যয় ইত্যাদি। কেৱল এপেডাৰ ট্ৰেচনেট পঞ্জীভুক্ত কৃষকসকলেহে 'অন-ফার্ম ইনপুট উৎপাদন গোট'ৰ সুবিধা লাভ কৰিব এফপিচিয়ে সঠিক নিৰীক্ষণ আৰু প্ৰয়োজনীয় পৰিদৰ্শনৰ সৈতে প্ৰতিটো নিৰ্মিত গোটৰ স্থিৰতা নিশ্চিত কৰিব। |

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here