নীৰেন বৰুৱা সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 25 November 2022

নীৰেন বৰুৱা সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা সম্পন্ন

 




W7s news গুৱাহাটী: মহানগৰীৰ গুৱাহাটী ক্লাবস্থিত নিউ আৰ্ট প্লেয়াৰ্ছ সাংস্কৃতিক চেণ্টাৰ ফৰ পাৰফৰ্মিঙৰ নৱনিৰ্মিত অত্যাধুনিক প্ৰেক্ষাগৃহত বিগত বৃহস্পতিবাৰে "বাৰ্ষিক নীৰেন বৰুৱা সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা" খন "অনুষ্ঠিত হয়। সামাজিক-সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছৰ উদ্যোগতে বিগত কেইবা বছৰো ধৰি আয়োজিত হৈ অহা এই প্ৰতিযোগিতাত গুৱাহাটীৰ লগতে অসমৰ আন কেইবাখনো ঠাইৰ আবৃত্তিকাৰ সকলে  অংশগ্ৰহণ কৰে।যোৱা বৃহস্পতিবাৰে ২০২২ বৰ্ষৰ বাবে আয়োজন কৰা এই সন্মানীয় প্ৰতিযোগিতাখনৰ আঁত ধৰে নিউ আৰ্ট প্লেয়াৰ্ছৰ দুই সদস্য কল্যাণ কুমাৰ দাস আৰু গায়ত্ৰী ডেকাই। প্ৰতিযোগিতাখন উদ্বোধন কৰি বিশিষ্ট সংগীত শিল্পী অনুপম চৌধুৰীয়ে নীৰেন বৰুৱাৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা কৈ নষ্টালজিক হৈ পৰে। ইফালে নিউ আৰ্ট প্লেয়াৰ্ছৰ একালৰ সদস্য আৰু সুভাকাংশী প্ৰয়াত নিপন গোস্বামী, গৰিমা হাজৰিকা, অতুলানন্দ গোস্বামী, নীলপৱন বৰুৱা, পুলক গগৈ আদি স্বনামধন্য লোক সকললৈও প্ৰতিযোগিতাৰ আৰম্ভণিতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকে প্ৰখ্যাত আবৃত্তিকাৰ অবনী বৰা আৰু  উপম শইকীয়াই। প্ৰায় দুকুৰি অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ লাভ কৰে মঞ্জিল বৰুৱাই, দ্বিতীয় পুৰস্কাৰ কৃতঞ্জলি দত্ত আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে অংকিতা গোস্বামীয়ে ৷  জয়প্ৰকাশ শৰ্মা আৰু কৰিশ্মা বেগমকো বিচাৰকাৰ বিশেষ  বঁটাৰে সন্মানিত কৰা হয়।  প্ৰতিযোগিতাৰ শেষত বিচাৰকসকলে নিজৰ মতামত ব্যক্ত কৰি কয় যে কবিতা আবৃত্তি কৰিবলৈ হলে কবিতাৰ প্ৰতি প্ৰেম, নিজৰ ভাষাৰ প্ৰতি প্ৰেম, বাকপটুতা আৰু অনুশীলন একান্তই প্ৰয়োজনীয়। অনুষ্ঠানটোৰ শেষত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট আবৃত্তিকাৰ অভিনেতা তথা পৰিচালক  কুলদা কুমাৰ ভট্টাচাৰ্যই বিজয়ীসকলক অভিনন্দন জনোৱাৰ লগতে  সকলো অংশগ্ৰহণকাৰীকে তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে ৷ এই অনুষ্ঠানতে ৰূপকলা কেশৰী ভাগস্বৰূপ শব্দম স্কুল অৱ ৰিচাইটেচনৰ আবৃত্তিকাৰ সকলেও এটা দলীয় আবৃত্তিৰ অনুষ্ঠান পৰিৱেশন কৰে। শেষত নিউ আৰ্ট প্লেয়েৰ্ছৰ সদস্য ড০ সুৰঞ্জনা বৰুৱাই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি শালাগৰ শৰাই আগবঢ়ায়।



 উল্লেখযোগ্য যে ১৯৬০ চনৰ পৰা ২০০৪ চনৰ ভিতৰত প্ৰায় চাৰিটা দশক ধৰি অসমৰ আকাশ-বতাহ  সোণালী কণ্ঠেৰে মুখৰিত কৰি ৰখা নিউ আৰ্ট প্লেয়াৰ্ছৰে এগৰাকী সন্মানীয় সদস্য, বিশিষ্ট শিল্পী-পৰিচালক তথা অল ইণ্ডিয়া ৰেডিঅ’ৰ নিউজ ৰিডাৰ প্ৰয়াত নীৰেন বৰুৱাৰ স্মৃতিত এই প্ৰতিযোগিতাখনি  প্ৰতি বছৰে নিউ আৰ্ট প্লেয়াৰ্ছৰ উদ্যোগতে আয়োজিত হৈ আহিছে। ১৯৯৯-২০০১ চনলৈ এজন প্ৰতিভাৱান মঞ্চ পৰিচালক  আৰু নিউ আৰ্টছ প্লেয়াৰ্ছৰ 

সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োজিত  হৈ থাকিও প্ৰয়াত বৰুৱাই ‘সময়’, ‘সৰাপাটত বসন্ত’,’ঘৰ’, ‘মকৰা জাল’, ‘আবেলিৰ ৰ’দ, ‘বিষ্ণু ৰাভা, 'এটা সূৰ্য একাঁজলি আভা'কে  ধৰি বহু নাটক পৰিচালনা কৰিছিল ৷ অতি জনপ্ৰিয় অনাতাঁৰ নাটক ‘সুৰ’, ‘বৰুৱাৰ সংসাৰ’, ‘সপোন সন্ধ্যা’, ‘বিৰিণা পাটৰ আঙুঠি’ আদি অগণন নাটকত তেওঁ মুখ্য চৰিত্ৰত অভিনয়ো কৰিছিল।  অসমীয়া চলচ্চিত্ৰ জগতলৈও নীৰেন বৰুৱাৰ উল্লেখযোগ্য অৱদান আছিল। সহকাৰী পৰিচালক হিচাপেও (তেওঁৰ স্বনামধন্য জ্যেষ্ঠ ভাতৃ চলচ্চিত্ৰ নিৰ্মাতা প্ৰয়াত নিপ বৰুৱাৰ ) তেওঁৰ উল্লেখনীয় ভূমিকা আছিল ৷ ‘সন্তলা’, ‘সোনমা’, ‘আজলি নবৌ’, ‘এন্থনী মোৰ নাম’, ‘শকুন্তলা আৰু শংকৰ জোচেফ আলী  ' আৰু আই মোৰ জনমে জনমেত সহকাৰী পৰিচালক হিচাপে প্ৰয়াত বৰুৱাই অৱদান আগবঢ়োৱাৰ লগতে  'মুকুতা', 'সোণতৰা' আৰু 'বৰুৱাৰ সংসাৰ'ৰ দৰে চিনেমাতো উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here