অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতি গঠন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 25 November 2022

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতি গঠন

 



W7s news গুৱাহাটী:  অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনখনি গুৱাহাটী কমাৰ্চ কলেজৰ সমীপত থকা অসম ৰাজ্যিক শিক্ষক সন্মিলনী ভৱনত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । অধিবেশনৰ কাৰ্যসূচী পুৱা ৯:৩০ বজাত পৰিষদৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ হয়। পতাকা উত্তোলন কৰে মহানগৰ জিলা সমিতিৰ সভাপতি জিতুমণি পাটগিৰিয়ে। ইয়াৰ পাছতে শ্বহীদ তৰ্পন কৰে জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কনক তালুকদাৰে।দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভা উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই।দ্বি-বাৰ্ষিক অধিৱেশনখনত পৰিষদৰ মুখ্য উপদেষ্টা কমল ভৰালী সাধাৰণ সম্পাদক পলাশ চাংমাই, সহকাৰী সাধাৰণ সম্পাদক সৌৰভ দাস,ৰাতুল বুঢ়াগোহাই যুটীয়া সম্পাদক মৃদুল তালুকদাৰ তথ্য আৰু যোগাযোগ সম্পাদক ছাবিৰ আহমেদকে প্ৰমুখ্য কৰি কেইবাগৰাকীয়ো কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত থাকে।।সন্ধিয়া অনুষ্ঠিত হোৱা বিষয় বাছনি সভাত আগন্তুক ২০২২-২০২৪ বৰ্ষৰ বাবে সঞ্জীৱ ৰায় চৌধুৰীক সভাপতি আৰু  সুকুমাৰ বৰ্মনক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৩৬ জনীয়া পুৰ্ণাঙ্গ সমিতি গঠন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here