মেঘালয়লৈ অহা-যোৱা কৰা, অসমৰ লোকক নিৰাপত্তা প্রদান কৰাৰ দাবী : চি আই টি ইউৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 25 November 2022

মেঘালয়লৈ অহা-যোৱা কৰা, অসমৰ লোকক নিৰাপত্তা প্রদান কৰাৰ দাবী : চি আই টি ইউৰ

 

W7s news ষ্টাফৰিপোৰ্টাৰ: অতি সম্প্রতি কাৰ্বি পাহাৰৰ বনাঞ্চল মেঘালয় সীমাত হোরা, আক্রমন- প্রতি আক্রমনৰ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰিছে চি আই টি ইউৰ অসম, ৰাজ্যিক কমিটিয়ে। ঘটনাৰ পৰিনতিতে এতিয়া জীবীকাৰ তাড়নাত মেঘালয়লৈ অহা-যোৱা কৰা, অসমৰ অজস্ৰ লোকৰ নিৰাপতা নোহোৱা হৈছে আৰু অহা-যোরা বন্ধ হৈ পৰিছে। বিশেষকৈ গুৱাহাটী আৰু শ্বিলংৰ যোগা- যোগ ব্যবস্থা ৰুদ্ধ হৈ পৰিছে। মটৰ শ্ৰমিক সকলৰ জীৱীকা ব্যাহত হৈছে। পথপৰিবহণত যুক্ত শশ শ্রমিকৰ অবস্থা অতি শোচনীয় হৈ পৰিছে। অথচ অসম চৰকাৰে এক গুৰুত্বহীন ভূমিকা পালন কৰি। আছে। ক্ষুব্ধ হৈ ইতিমধ্যে পেট্রল টেংকাৰ, বাছ টেক্সি চালক শ্রমিক সকলে প্রতিবাদী কার্যসূচীত ঘোষনা কৰিছে। মুখ্যমন্ত্রীকে ধৰি অসম চৰকাৰৰ মন্ত্ৰীসকল যি সময়ত দিল্লীত প্রধানমন্ত্রী, গৃহমন্ত্রীৰে লাচিত দিবস পালন কৰি আছে সেই সময়ত দুখন ৰাজ্যৰ বিবাদে জনজীৱনক আঘাট কৰি আছে। অসম চৰকাৰে অতি সহজতে সমস্যাৰ সমাধান কৰিবলৈ কেন্দ্রৰ তাৎক্ষনিক হস্তক্ষেপ কৰিব পৰাৰ পৰিবেশ আছে। চি আই টি ইউয়ে দাবী কৰে বিষয়টোত তাৎক্ষনিক ভাবে কেন্দ্রীয় চৰকাৰে হস্তক্ষেপ কৰক আৰু অসম মেঘালয় মাজত স্বাভাবিক অবস্থা পুনৰ প্ৰবৰ্তন কৰক। জীবীকাত ক্ষতিগ্রস্ত মটৰ শ্রমিক সকললৈ সাহায্য প্রদান কৰক। চি আই টি ইউৰঅসম ৰাজ্যিক কমিটিৰ সাধাৰণণ সম্পাদক তপন শর্মাই অসমৰ সীমামুৰীয়া ৰাজ্য সমূহৰ সৈতে থকা সীমা বিবাদ শান্তিপূর্ণ উপায়েৰে সমাধান কৰা তাৎক্ষনিক পদক্ষেপ ল'বলে কেন্দ্রীয় চৰকাৰৰ ওচৰত দায় জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here