W7s news ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীৰ ৰূপনগৰস্থিত প্রাচ্য বিদ্যা নিকেতনত বৃহস্পতিবাৰে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদ্ যাপন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে সেৱামন্দিৰ ৰাজহুৱা নামঘৰৰ আয়তী দময়ন্তী ডেকা আৰু সংগী বৃন্দই নাম প্ৰসংগ পৰিবেশন কৰে। তাৰপাছত বিদ্যালয়খনৰ শিক্ষক মুকুলদেৱ
শর্মাৰ সভাপত্বিত এখন সভা অনুষ্ঠিত হয়। সভাত প্ৰাচ্য বিদ্যা নিকেতনৰ প্ৰধান শিক্ষক মীনা দত্ত, সহকাৰী শিক্ষক নৱনীতা শৰ্মা উপস্থিত থাকে। সভাত ৰূপনগৰ অঞ্চলৰ জ্যেষ্ঠ নাগৰিক কুমুদ চন্দ্ৰ ডেকাই বীৰ লাচিত বৰফুকনৰ বিষয়ে বহলাই কয়। এই উপলক্ষে বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলে গীত, নৃত্য পৰিবেশন কৰে। সভাত সেৱামন্দিৰ ৰাজহুৱা নামঘৰৰ আয়তী দময়ন্তী ডেকাই শলাগৰ শৰাই আগবঢ়ায়।সভাত বিদ্যালয়ৰ ছাত্র-ছাত্ৰী.শিক্ষক অভিভাৱক, সেৱামন্দিৰ ৰাজহুৱা নামঘৰৰ আয়তী সকল উপস্থিত থাকে।
No comments:
Post a Comment