ওপজা দিনত কণ্ঠশিল্পী জুবলি বৰুৱাৰ নতুন পদক্ষেপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 28 November 2022

ওপজা দিনত কণ্ঠশিল্পী জুবলি বৰুৱাৰ নতুন পদক্ষেপ

 


জুবলি ফাউণ্ডেচনৰ

'অক্ষন' নামৰ

  নতুন আঁচনি ঘোষণা




W7s news গুৱাহাটী: ওপজা দিনত কণ্ঠশিল্পী জুবলি বৰুৱাৰ নতুন পদক্ষেপ গ্ৰহণ কৰিছে। সোমবাৰে কন্ঠশিল্পী জুবলি বৰুৱাৰ ওপজা দিনৰ  লগত সংগতি ৰাখি জুবলি ফাউণ্ডেচনে ঘোষণা কৰিলে এখন নতুন আঁচনি।"অক্ষন" শীৰ্ষক বিশেষ আঁচনি ঘোষণা কৰিলে জুবলি ফাউণ্ডেচনে। এই আঁচনিৰ জৰিয়তে কৰা হ'ব দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ চকুৰ বিনামূলীয়া চিকিৎসা। উল্লেখ্য,জুবলি ফাউণ্ডেচনে বিগত ৯ টা বছৰে অংগদানৰ বাবে কাম কৰি আহিছে।অংগদানৰ ক্ষেত্ৰত ৰাইজক সজাগতা সৃষ্টি কৰি আহিছে জুবলি ফাউণ্ডেচনে। নতুনকৈ ঘোষণা কৰা এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ১০০ জন লোকৰ কেটৰেক্ট অস্ত্ৰোপ্ৰচাৰ আৰু কৰ্ণিয়া ট্ৰান্সপ্লানটেশ্যনৰ খৰচ বহন কৰিব। ইয়াৰ বাবে শংকৰদেৱ নেত্ৰালয়ৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছে। প্ৰথম পৰ্যায়ত ৫০ জন ৰোগীক এই সুবিধা প্ৰদান কৰা হ'ব। ইতিমধ্যে এজন ৰোগীয়ে "অক্ষন" আঁচনিৰ জৰিয়তে বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ সক্ষম হৈছে শংকৰদেৱ নেত্ৰালয়ত। শংকৰদেৱ নেত্ৰালয়লৈ অহা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগীয়ে এই বিনামূলীয়া সেৱা লাভ কৰিব। এই কাৰ্যত জুবলি ফাউণ্ডেচনক ইচ্ছুক লোকে সহায় কৰিবলৈ  আৰ্থিক অনুদানো আগবঢ়াব পাৰে বুলি সোমবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে জুবলি ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰিয়ংকা বৰাই। উল্লেখ্য, এই আঁচনি ঘোষণাই সমাজৰ দৰিদ্ৰ সীমাৰেখাৰ লোকসকললৈ আশাৰ ৰেঙনী কঢ়িয়াই আনিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here