ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংৰ জঘন্য ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী এছ এফ আইৰ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 28 November 2022

demo-image

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংৰ জঘন্য ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী এছ এফ আইৰ

Responsive Ads Here

 

কৰ্তৃপক্ষকো তদন্তৰ আওঁতালৈ আনক 


W7s news গুৱাহাটী: ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিংৰ ঘটনাত এছ এফ আইৰ অসম ৰাজ্যিক কমিটি স্তম্ভিত হৈছে আৰু কঠোৰ ভাষাৰে গ ৰিহণা দিছে। এজন ছাত্ৰৰ জীৱনকলৈ সংকট নমাই অনা ৰেগিঙৰ সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে কৰ্তৃপক্ষকো তদন্তৰ আওঁতালৈ আনিবলৈ এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি হৰ্ষজিৎ দাস আৰু সম্পাদক

সংগীতা দাসে সোমবাৰে সংবাদ মাধ্যমক কয়- পৰিয়ালৰ তথ্য অনুসৰি এই ঘটনাৰ বলি হোৱা ছাত্ৰ জনে বাৰে বাৰে হোষ্টেল কৰ্তৃপক্ষক জনোৱাৰ পাছতো কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব দিয়া নাছিল।  এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ত ৰেগিং চলাটোৱেই দুৰ্ভাগ্যজনক।  কিন্তু বিশ্ববিদ্যালয়ৰ কেম্পাছত 'ছিনিয়ৰগিৰি'ৰ নামত অনুজ ছাত্ৰৰ ওপৰত চলা দমন আৰু শোষণৰ ভয়ংকৰ পৰিণাম এই ভয়ংকৰ ঘটনা। এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ দোষীক দৃষ্টান্তমূলক শাস্তি দিয়া আৰু কৰ্তৃপক্ষকো জবাবদিহি কৰাৰ ব্যৱস্থা কৰিব লাগে। সকলো বিশ্ববিদ্যালয়তে 'চিনিয়ৰ'  ছাত্ৰ আৰু বছৰ-বছৰ ধৰি চুপাৰ চিনিয়ৰ হৈ  হোষ্টেলৰ ৰুমত থাকি নিৰ্যাতন- ৰেগিংৰ দৰে কাৰ্য চলাই নেকি তাৰ এক অনুসন্ধান হ'ব লাগে। তাৰোপৰি ভৱিষ্যতে  সকলো শিক্ষানুষ্ঠানৰ ছাত্ৰ - ছাত্ৰী আৰু কৰ্তৃপক্ষক অধিক সচেতন আৰু দায়বদ্ধ কৰি তুলি  ৰেগিঙৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ লগতে প্ৰাক্তন ছাত্ৰ হোষ্টেলত থাকিবলৈ হ'লে নিৰ্দিষ্ট নিয়ম প্ৰস্তুত কৰি তাক বলবৎ কৰা উচিত। '

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *