'W7s news গুৱাহাটী: গুৱাহাটীৰ সৰুমটৰীয়াৰ জাকিৰ হুছেইন পথৰ (ভি আই পি ৰোড)স্থিত ৰিহেবিলেশ্বন কাউণ্সিল ইণ্ডিয়াৰ এক অন্যতম শিশু তথা জনকল্যানকাৰী অনুষ্ঠান পেৰাডাইজত সোমবাৰে শিশু দিৱস পালন কৰা হয়। সমাজৰ বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলক ফিজিঅ' থেৰাপি, অন্যান্য কাৰিকৰী শিক্ষা দিয়াৰ লগতে বিভিন্ন মনোৰঞ্জনৰ ব্যৱস্থা কৰি অহা 'পেৰাডাইজ'ৰ শিশু দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভনিতে বিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষাৰ্থী সকলে সমবেত সংগীত পৰিবেশন কৰে। এই উপলক্ষে অনুষ্ঠিত সভাত আদৰণি ভাষণ দিয়ে 'পেৰাডাইজ'ৰ অধ্যক্ষ তিলোত্তমা বৰপাত্ৰই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিশু কল্যাণ আৰু মহিলা উন্নয়ন বিভাগৰ সচিব পাৰ্থপ্ৰতীম মজুমদাৰে শিশু সকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। অতিথি সকলক আদৰণি জনোৱাৰ পাছত নয়নিতা দাসে গীত পৰিবেশন কৰে।তাৰপাছত কিণ্ডাৰ গাৰ্ডেনৰ শিক্ষাৰ্থীসকলে নৃত্য পৰিবেশন কৰে। তাৰপাছত ডাঃ প্ৰণৱ কল্প হাজৰিকাই স্পিচ থেৰাপিষ্ট লক্ষ্মীন্দন বৰাই বক্তব্য আগবঢ়ায়। এই সভাতেই অভিভাৱকসকলে গীত পৰিবেশন কৰে, ভাৰ্গব ডেকা, ৰবী সিং, সীমান্ত শৰ্মাই গীত পৰিবেশন কৰে। শিশু দিৱস উপলক্ষে ছাত্র-ছাত্ৰী সকলৰ মাজত উপহাৰ বিতৰণ কৰা হয়। অনুষ্ঠানত পেৰাডাইজৰহৈ মুনমুন দত্ত প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।
No comments:
Post a Comment