গুৱাহাটীৰ বেলতলা তিনি আলিস্থিত বি এছ চি একাডেমীৰ অদম্য প্ৰয়াস। - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 16 November 2022

গুৱাহাটীৰ বেলতলা তিনি আলিস্থিত বি এছ চি একাডেমীৰ অদম্য প্ৰয়াস।


https://youtu.be/vu9in7thung

বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক সাজু কৰি তোলা প্ৰতিস্থানটোৱে এইবাৰ লৈছে আন এক অভিনৱ প্ৰয়াস। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ মৌখিক পৰীক্ষাৰ বাবে সাজু কৰি তোলাৰ লক্ষ্য বান্ধি লৈছে প্ৰতিষ্ঠানটোৱে। উল্লেখযোগ্য যে লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মৌখিক পৰীক্ষাৰ পাছতহে প্ৰদান কৰি হব নিযুক্তি। এই কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লক্ষণীয়ভাৱে এই মৌখিক পৰীক্ষাতেই উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰায় আধা সংখ্যকক নিৰ্বাচন কৰা হব মূল বাচনিলৈ। সেয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে মৌখিক পৰীক্ষাই হৈছে অগ্নি পৰীক্ষা স্বৰূপ। এই কঠিন বাচনি পৰীক্ষালৈ ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তুলিবলৈ মহানগৰীৰ বেলতলাস্থিত বি এছ চি একাডেমীয়ে গ্ৰহণ কৰিছে এই প্ৰশংসনীয় পদক্ষেপ। ছাত্ৰ-ছাত্ৰীসকলক এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰত অংশ গ্ৰহণ কৰিবলৈ কতৃপক্ষই অতি শীঘ্ৰে তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ বাবে তেওঁলোকৰ প্ৰতিষ্ঠানলৈ আহি নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ লগতে ফোন যোগেও নাম পঞ্জীয়ণ কৰাৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ বাবে তেওঁলোকে এটা বিশেষ নম্বৰ ৰাজহুৱা কৰিছে বুলি সঞ্চালকে জানিবলৈ দিছে। উল্লেখযোগ্য যে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত এই প্ৰতিষ্ঠানটোৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে স্থান লাভ কৰাৰ লগতে বিভিন্ন প্ৰতিষ্ঠিত কোম্পানী-অনুষ্ঠানৰ লগতে চৰকাৰী বিভাগৰ বিভিন্ন পদবীত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি আহিছে। সঞ্চালকে জানিবলৈ দিয়া মতে তিনি দিনীয়াকৈ অনুষ্ঠিত হব লগীয়া এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰত বিশেষভাৱে উপস্থিত থাকিব অসমৰ খ্যাতনমা জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here