*অসমৰ শিল্পীলৈ সন্মান* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 29 November 2022

*অসমৰ শিল্পীলৈ সন্মান*




W7s news,,, অসমৰ সত্ৰীয়া নৃত্যশিল্পী ডিম্পী বৈশ্য আৰু ভৰতনাট্যম নৃত্য পটীয়সী ড° মনীষা দেৱী গোস্বামীলৈ আগবঢ়োৱা হৈছে *নৃত্য প্ৰতিভা সুৱৰ্ণ সন্মান* আৰু *কলিংগ অসম অনন্যা কলাৰত্ন সন্মান* ৷ যোৱা ১০ নৱেম্বৰত ৰাজস্থানৰ যোধপুৰত পূৰ্ৱায় সাংস্কৃতিক বিকাশ কেন্দ্ৰই আয়োজন কৰা 'ৰাস বিলাস ২০২২' অনুষ্ঠানত 'নৃত্য প্ৰতিভা সুৱৰ্ণ সন্মান' আৰু ১৩ নৱেম্বৰত উৰিষ্যাৰ ভূৱনেশ্বৰত দেৱদাসী নৃত্য মণ্ডপে আয়োজন কৰা 'অংগীকাৰম মংগলম নাট্যৰ্পনম' শীৰ্ষক শাস্ত্ৰীয় নৃত্য মহোৎসৱত 'কলিংগ অসম অনন্যা কলাৰত্ন সন্মান' প্ৰদান কৰা হয় ৷ সত্ৰীয়া নৃত্য ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ডিম্পী বৈশ্যলৈ আৰু ভৰতনাট্যম নৃত্যক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ড° মনীষা গোস্বামীলৈ এই সন্মান আগবঢ়োৱা হয় ৷ ভূৱনেশ্বৰৰ 'অংগীকাৰম মংগলম নাট্যৰ্পনম' অনুষ্ঠানত সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক সত্ৰীয়া শিল্পী শাৰদী শইকীয়াক 'কলিংগ অসম কলানিধি সন্মানেৰে বিভূষিত কৰা হয় ৷ পদ্ম বিভূষণ ড° সুদৰ্শন চাহু আৰু পদ্মশ্ৰী ড° দেৱী প্ৰসন্ন পাটনায়কে এই বঁটাসমূহ প্ৰদান কৰে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here