W7s news,,খাদ্য প্ৰেমীসকলৰ বাবে ভাল খবৰ। ভাৰতৰ দ্ৰুততম বিকাশশীল খাদ্য শৃংখল কেন্দ্র ফুড অৱ ইণ্ডিয়ানছ চমুকৈ এফ অ আই উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটীৰ আঠগাঁৱত প্ৰথমখন বিপনী মুকলি কৰে। এফ অ আই হৈছে ইন্দোৰ ভিত্তিত কোম্পানী যি সমগ্ৰ ভাৰতত সুস্বাদু খাদ্যৰ বাবে জনাজাত। গুৱাহাটীৰ খাদ্য প্রেমীয়ে এতিয়া ইন্দোৰৰ সেই সুস্বাদু খাদ্যৰ জুতি লব পাৰিব। উদ্বোধনী অনুষ্ঠানত কৈলাশ চান্দ গাৰোদিয়া, অনিল গাৰোদিয়া, সন্দ্বীপ গাৰোদিয়া, চন্দ্ৰ প্ৰকাশ জাচৰাছাৰিয়া আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। সন্দীপ গাৰোদিয়া, চন্দ্ৰ প্ৰকাশ জাচৰাছাৰিয়াই উত্তৰ-পূব পূৰ্বাঞ্চলৰ লোক সকলৰ বাবে মাষ্টাৰ ফ্রেঞ্চাইজিৰ লৈছে। অৱশেষত সন্দীপ গাৰোদিয়া আৰু অনুজ গাৰোদিয়াৰ তত্ত্বাৱধানত গুৱাহাটীত মুকলি কৰা হৈছে এই এফ অ আই আউটলেট। অনুষ্ঠানটোত ভাষণ প্রদান কৰি গাৰোদিয়াই কয় যে এফঅ আই হৈছে উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় বিভিন্ন খাদ্য সম্ভাৰৰ লগতে চাইনীজ, ডেজার্ট, শ্বেক আৰু ফাষ্ট ফুড সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ ২২০ টাত কৈ অধিক বিশুদ্ধ নিৰামিষ সুস্বাদু খাদ্য সম্ভাৰ উপলদ্ধ হৈছে আউটলেটখনত। অতি সোনকালেই আমি আপোনাৰ দুৱাৰমুখত সেৱা প্ৰদান কৰিবলৈ চুইগি আৰু জোমাটোত উপলব্ধ কৰা হব বুলি উল্লেখ কৰে তেওঁ। আনহাতে যিকোনো লোকে তেওঁলোকৰ বিশেষ অনুষ্ঠান যেনে জন্মদিনৰ পাৰ্টি, কিটি, সৰু গেট টুগেদাৰ উদযাপন কৰিব পাৰিব। ইপিনে এফ অ আইক মেগী আৰু ম'মৰ যাদুকৰ বুলিও কোৱা হয়। গাৰোদিয়াই আৰু কয় যে আমাৰ ৰেষ্টুৰেণ্ট তথা ডাইনিং ৮০০ বর্গফুট এলেকাত সজাই তোলা হৈছে। একেলগে ৩০ জনতকৈ অধিক লোকে বহি খাদ্য গ্ৰহণ কৰিব পাৰিব। ইতিমধ্যে সমগ্ৰ ভাৰতত ৬৫ খনত কৈ অধিক এফ অ আইৰ বিপনী মুকলি কৰা হৈছে। এতিয়া উত্তৰ পূৱৰ সকলো মুখ্য চহৰ আৰু নগৰ সমূহত এই সুস্বাদু খাদ্য প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে।
Post Top Ad
Responsive Ads Here
Wednesday 30 November 2022

গুৱাহাটীৰ আঠগাঁৱত এফ অ আইৰ ৰেষ্টুৰেণ্ট মুকলি
Tags
# গুৱাহাটী-ব্যৱসায়-বাণিজ্য
Share This
About W7S News
গুৱাহাটী-ব্যৱসায়-বাণিজ্য
Labels:
গুৱাহাটী-ব্যৱসায়-বাণিজ্য
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment