এপাৰ্টৰ অধীনত এলইডি ভেন ৰোড শ্ব'ৰ ফ্লেগ অফ কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 18 November 2022

এপাৰ্টৰ অধীনত এলইডি ভেন ৰোড শ্ব'ৰ ফ্লেগ অফ কাৰ্যসূচী



W7s news,,,  শুকুৰবাৰে, এৰিয়াছ ছ'চাইটিৰ অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উৎপাদন আয়ুক্ত তথা অধ্যক্ষ আইএএছ বিষয়া ডাঃ আশীষ কুমাৰ ভূটানীৰ সৈতে কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানী আৰু  উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ সঞ্চালক  ত্ৰিৰংগ ভাৰতীয় বৰাই এক এলইডি ভেন ৰোড শ্ব'ৰ শুভাৰম্ভ কৰে । এলইডি ভেন ৰোড শ্ব'ৰ দ্বাৰা অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প (এপাৰ্ট)ৰ অধীনৰ ১০ খন জিলাক প্ৰথম পৰ্য্যায়ত সামৰি লৈছে । সেই জিলা কেইখন হৈছে কামৰূপ, নলবাৰী, বৰপেটা, মৰিগাঁও, নগাঁও, হোজাই, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট । এই ৰোড শ্ব'টোৱে প্ৰতিখন জিলাৰ ব্ল'ক সমূহলৈ যাত্ৰা কৰিব । এপাৰ্টৰ অধীনত প্ৰস্তুত কৰা বিভিন্ন বিভাগে লোৱা পদক্ষেপসমূহৰ ভিডিঅসমূহ এই এলইডি ভেনৰ ৰোড শ্ব' ৰাইজৰ জ্ঞাতাৰ্থে প্ৰদৰ্শন কৰিব । লগতে, আফ্ৰিকান ছোৱাইন ফিভাৰ, মাছৰ বিভিন্ন পুষ্টি আদিৰ ওপৰত তথ্যপূৰ্ণ পত্ৰিকাও বিতৰণ কৰিব । এপাৰ্টৰ অন্তৰ্গত সকলো জিলাতে অনাগত সময়ত এইধৰণৰ এলইডি ভেন ৰোড শ্ব'ৰ পদক্ষেপ লোৱাৰো পৰিকল্পনা কৰিছে । এপাৰ্ট প্ৰকল্পৰ দ্বাৰা গ্ৰহণ কৰা বিভিন্ন কাৰ্যকলাপসমূহৰ সৰ্বাধিক প্ৰচাৰ কৰাৰ লগতে কৃষকসকলক এক উন্নত কৃষি পৰিস্থিতিতন্ত্ৰৰ দিশত শিক্ষিত আৰু সমৰ্থবান কৰি তোলাটোৱে এই প্ৰচাৰৰ মুখ্য উদ্দেশ্য ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here