মহাবীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্মজয়ন্তীৰ শুভাৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 18 November 2022

মহাবীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্মজয়ন্তীৰ শুভাৰম্ভ

 

 মাৰ্চ পাষ্ট, বাটৰ নাট “মহানায়ক লাচিত” পৰিবেশন


W7s news গুৱাহাটীঃ  অসমৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত বীৰ সেনানায়ক লাচিত বৰফুকনৰ দেশপ্ৰেমবোধ তথা বীৰত্বৰ প্ৰচাৰ আৰু প্ৰসাৰৰ যি প্ৰচেষ্টা চলিছে তাৰ লগত সঙ্গতি ৰাখি আজি কামৰূপ মহানগৰ জিলাত মহাবীৰ গৰাকীৰ ৪০০বছৰীয়া জন্মজয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে খানাপাৰাৰ পৰা জনতা ভৱনলৈ আৰক্ষী, সেনাবাহিনী, এন চি চি আদিৰ সহযোগত এক বৃহৎ মাৰ্চ পাষ্ট উলিওৱাৰ লগতে এখন বাটৰ নাট পৰিবেশন কৰা হয়। আৰক্ষী আয়ুক্ত হৰমিৎ সিঙৰ নেতৃত্বত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই পতাকা জোকাৰি এই মাৰ্চ পাষ্ট মুকলি কৰে ৷মাৰ্চ পাষ্টৰ পূর্বে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলা পৰিবহণ বিভাগৰ সহযোগত বীৰজনাৰ দেশপ্রেমৰ চানেকিৰ প্ৰতি সন্মান জনাই বাটৰ নাট “মহানায়ক লাচিত” পৰিবেশন কৰে। ইয়াৰ পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মহানায়ক লাচিতৰ দেশপ্ৰেম আৰু বিৰল আদৰ্শৰ দৃষ্টান্ত ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই নিয়াৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সহযোগিতা আগবঢ়াই আজি জন্ম জয়ন্তী কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ কথা উল্লেখ কৰি উপস্থিত সকলোকে আদৰণি জনায় সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ৷ ইফালে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি কতৰ্ব্যত অবহেলা কৰা মোমায়েকৰ শিৰচ্ছেদ কৰি লাচিত বৰফুকনে নৰীয়া গাৰে যুদ্ধত অবতীৰ্ণ হৈ মোগলৰ পৰা অসম মাতৃক উদ্ধাৰ কৰাৰ বীৰত্বৰ নিদৰ্শন সকলো স্তৰৰ ৰাইজৰ মাজলৈ আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা বুলি সকলোকে অবগত কৰে । উল্লেখ্য যে, পৰিবহণ বিভাগৰ আমন্ত্ৰণক্ৰমে


“পঞ্চসুৰ”এ পৰিবেশন কৰা “মহানায়ক লাচিত” নাটকৰ ৰচনা ৰশ্মিৰেখা শইকীয়া আৰু প্ৰবীন শইকীয়াৰ, পৰিচালনা প্ৰবীন শইকীয়াৰ ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here