চিএএছ কম্পিউটাৰে মুকুলি কৰিলে www.casfurb.com ৱেবছাইট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 18 November 2022

চিএএছ কম্পিউটাৰে মুকুলি কৰিলে www.casfurb.com ৱেবছাইট


 


গ্রাহকে যিকোনো ঠাইৰ পৰা সম্ভীয়া মূল্যত পুনৰ মেৰামতি কৰা লেপটপ ক্রয় কৰিব পাৰিব


W7s news,গুৱাহাটী::   উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি আৰু বিশ্বাসযোগ্য আইটি ষ্ট’ব ‘চি এ এছ কম্পিউটাৰে গুৱাহাটীত মুকলি কৰিছে www.casfurb.com ৱেবছাইট। এতিয়াৰ পৰা যিকোনো লোকে যিকোনো ঠাইৰ পৰা মেৰামতি কৰা পুৰণি লেপটপ ক্ৰয়া কৰিব পাৰিব। তিনিচুকীয়া আৰু গুৱাহাটীত থকা আমাৰ প্ৰতিষ্ঠানে ইতিমধ্যে মানুহৰ কম্পিউটাৰ সম্পৰ্কীয় প্রয়োজনীয়তা পূৰণ কৰিছে। ৱেবছাইট মুকুলি কৰি চি এ এছৰ গৰাকী দীপক বাজাজে কয় যে গুৱাহাটী আৰু তিনিচুকীয়াৰ লগতে নগাঁৱৰ ফ্রেঞ্চাইজি ষ্টোৰৰ জৰিয়তে গ্রাহকে কম্পিউটাৰ সংগ্ৰহ কৰিব পাৰিব।সমাজৰ প্ৰতিজন লোকে যাতে সহজে আৰু কম মূল্যত কম্পিউটাৰ ক্ৰয় কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি casfurb.com ৱেবছাইট মুকুলি কৰা হৈছে। তেওঁ লগতে কয় যে পুনৰ মেৰামতি কৰা লেপটপ ১০,০০০ টকাৰ ভিতৰত গ্ৰাহকে লাভ কৰিব। এপল, ডেল, লেনোভো, এইচপি, আছুছ আৰু এচাৰৰ দৰে কোম্পানীৰ ২০০ তকৈও অধিক লেপটপ মজুত কৰি ৰখা হৈছে। তেওঁ লগতে কয় যে শিক্ষার্থী, পেছাদাৰী আৰু ব্যৱসায়ি সকলৰ বাবে এয়া লাভ দায়ক হব। গ্রাহকে কম্পিউটাৰ ক্ৰয় কৰিলে ৩ মাহৰ বাৰেণ্টি লাভ কৰিব। একেদৰে গ্ৰাহকৰ পৰা পুৰণি লেপটপ ক্ৰয় কৰা হব।গ্রাহকে ৱেবছাইটৰ লগতে গুৱাহাটীৰ উলুবাৰী আৰু তিনিচুকীয়াৰ মাকুম ৰোডৰ প্ৰতিষ্ঠাপনৰ পৰাও পুনৰ মেৰামতি কৰা লেপটপ ক্ৰয় কৰিব পাৰিব। অসম আৰু উত্তৰ-পূবৰ সকলো মুখ্য চহৰত শীঘ্ৰেই এই সুবিধা সম্প্ৰসাৰিত কৰা হ'ব বুলি বাজাজে কয়। অনুষ্ঠানটোত খুব উদ্যোগী সার্থক বাজাজে কয়, ৰাইজৰ কল্যাণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি অহা হৈছে। পুনৰ মেৰামতি কৰা লেপটপ ব্যৱহাৰ কৰি আমি ই-আৱৰ্জনা হ্ৰাস কৰিছো আৰু প্ৰকৃতিৰ প্ৰতি অৰিহণা যোগাইছো, কিয়নো আমাৰ চৰকাৰেও ইয়াৰ ওপৰত কাম কৰি আছে।তথ্য প্রযুক্তি ক্ষেত্ৰত ২৮ বছৰৰ দক্ষতাৰ সৈতে আমি আমাৰ গ্ৰাহকসকলক বিক্ৰীৰ পিছত গুণগত সামগ্ৰী আৰু প্রিমিয়াম প্ৰদান কৰাৰ বাবে সমর্পিত।” গ্ৰাহকৰ ওচৰলৈ যাবলৈ বা আমাৰ সেৱাসমূহ প্রাপ্ত কৰিবলৈ অনুগ্ৰহ কৰি ৬০০৩৭৬২৯২৬ যোগাযোগ কৰক বা www.casfurb.com লগ ইন কৰক।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here