W7s news গুৱাহাটী: সমগ্ৰ বিশ্বৰে সনাতন ধৰ্মৰ শক্তি উপাসনাৰ অন্যতম প্ৰাণকেন্দ্ৰৰূপে সমাদৃত প্ৰাচীন কামৰূপ -প্ৰাগজ্যোতিষপুৰৰ সিদ্ধিপীঠ শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয় প্ৰাঙ্গণত বিৰাট হিন্দুস্থান সঙ্গমৰ সৰ্বভাৰতীয় সভাপতি,সনাতন ধৰ্মৰ হৈ উদ্দাত্ত কণ্ঠেৰে মাত মাতি অহা ৰাজ্যসভাৰ বিশিষ্ট সাংসদ ড০ সুব্ৰমণিয়ম স্বামীৰ সাংসদ পুঁজিৰ পৰা আগবঢ়োৱা ধনেৰে আজি ঐতিহ্যমণ্ডিত দেৱালয়খনৰ বহু আকাংক্ষিত সংস্কৃত শিক্ষা কেন্দ্ৰ আৰু কমিউনিটী গৃহৰ আধাৰশিলা যথেষ্ট সংখ্যক ধৰ্মপ্ৰাণ ব্যক্তি আৰু শুভাকাংক্ষীৰ উপস্থিতিত উৰুলি ধ্বনিৰ মাজেৰে শুভাৰম্ভ কৰা হয়। উগ্ৰতাৰা দেৱালয়ৰ জ্যেষ্ঠ বৰদেউৰী,সদৌ অসম দেৱালয় সঙ্ঘৰ প্ৰধান সম্পাদক কৈলাশ শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত আধাৰশিলা স্থাপন কাৰ্যসূচীৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে দেৱালয়ৰ দলৈ নলিনী শৰ্মা, সদ্যপ্ৰাক্তন দলৈ পৰমেশ্বৰ দেৱ শৰ্মা আৰু নিৰ্মাণ সমিতি তথা বিৰাট হিন্দুস্থান সংগমৰ অসম প্ৰদেশৰ সভাপতি তনী দাসে। উদ্বোধনী সভাত নিৰ্মাণ সমিতিৰ সম্পাদক প্ৰমথেশ ভট্টাচাৰ্য, মেনেজিং কমিতিৰ সদস্য ক্ৰমে ৰমেন দাস, নৱ শৰ্মা, মুকুট ভট্টাচাৰ্যকে ধৰি কেইবাগৰাকী বিশিষ্ট নাগৰিক উপস্থিত থাকে। পৰিচালনাৰ দ্বায়িত্বত থকা তথা ভাৰত চৰকাৰৰ দ্বাৰা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কৈলাশ শৰ্মাই ভাষণ প্ৰসংগত কয় যে, অসমৰ কোনো এগৰাকী সাংসদ অথবা বিধায়কে এই ঐতিহাসিক দেৱালয়খনৰ উন্নয়নৰ বাবে আগবাঢ়ি নহা সময়তে অসমৰ বাহিৰৰ এগৰাকী বিশিষ্ট স্বনামধন্য সাংসদ ড০ সুব্ৰমণিয়ম স্বামীৰ এনে মহানুভৱতাই সনাতন ধৰ্মীয় সকলক যথেষ্ট উৎসাহিত কৰিব।
No comments:
Post a Comment