গেছ আৰু পেট্ৰ'লিয়াম শ্ৰমিকৰ সৰ্বভাৰতীয় সন্মিলন এইবাৰ অসমত - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 26 November 2022

demo-image

গেছ আৰু পেট্ৰ'লিয়াম শ্ৰমিকৰ সৰ্বভাৰতীয় সন্মিলন এইবাৰ অসমত

Responsive Ads Here

 

W7s news ষ্টাফৰিপোৰ্টাৰ ঃ পেট্ৰ'লিয়াম এণ্ড গেছ ৱাৰ্কাচ ফেডাৰেচনৰ পঞ্চম সৰ্বভাৰতীয় সন্মিলনখন অগন্তক ১০ আৰু ১১ ডিচেম্বৰত তৈলনগৰী দুলিয়াজানত অনুষ্ঠিত হ'ব। এই সন্মিলনত ভাৰতবৰ্ষৰ অ এন জি চি, আই অ' চি এল, বি পি চি এল,  এইছ পি চি এল, অইল, এম আৰ পি এল, চি পি চি এল, এন আৰ এল 

আদি ৰাজহুৱা খণ্ডৰ তৈল উদ্যোগৰ প্ৰায় ২০০ প্রতিনিধিয়ে অংশ গ্রহণ কৰিব। ইতিমধ্যে এখন শক্তিশালী অভ্যর্থনা সমিতি গঠন কৰা হৈছে। দুলিয়াজানৰ অইল ইণ্ডিয়াৰ স্বীকৃতি প্রাপ্ত শ্রমিক ইউনিয়ন, ইণ্ডিয়ান অইল ৱাৰ্কাচ ইউনিয়নয়ে অভ্যর্থনাৰ দায়িত্ব গ্রহণ কৰিছে। ১০ ডিচেম্বৰত দুলিয়াজান ক্লাৱত সন্মিলনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। এই সন্মিলনত সৰ্বভাৰতীয় শ্রমিক নেতাৰ লগতে ডব্লিউ এফ টি ইউৰ যুটিয়া সম্পাদক স্বদেশ দেবৰায়, অইল ইণ্ডিয়াৰ অধ্যক্ষ, মুখ্য আৱাসিক বিষয়া, অ' এন জি চিৰ অধ্যক্ষ তথা শ্রমিক ইউনিয়নৰ ৰাজ্যিক নেতৃত্ব উপস্থিত থাকিব। প্রায় ৫ শতাধিক শ্রমিক উপস্থিত থকিব লগীয়া এই অনুস্থানত এখন স্মৃতি গ্রন্থ উন্মোচন কৰা হ'ব। উদ্বোধনী অনুষ্ঠানৰ পাছতে প্রতিনিধি সভা অনুষ্ঠিত হ'ব আৰু ১১ ডিচেম্বৰৰ নিশালৈ প্ৰতিনিধি সভা চলিব। সন্মিলনত অন্যান্য সাংগঠনিক বিষয়ৰ উপৰিও তৈলখণ্ডত চৰকাৰৰ হস্তক্ষেপ, ব্যক্তিগতকৰণ, জাতীয় মুদ্ৰাকৰণ পাইপ লাইন, শক্তি পৰিবৰ্তন  আদি গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা হ'ব। ১০ ডিচেম্বৰত সন্ধিয়া এক আকর্ষনীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। ইতিমধ্যে সন্মিলনৰ প্ৰচাৰ আৰম্ভ হৈছে। উল্লেখ‍্য, অসমত প্ৰথমবাৰৰ বাবে তৈল খণ্ডৰ সৰ্বভাৰতীয় সন্মিলন এইবেলি অনুষ্ঠিত হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *