বিশিষ্ট শিল্পী অপূৰ্ব বেজবৰুৱাৰ স্মৃতি চাৰণ সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 15 October 2022

বিশিষ্ট শিল্পী অপূৰ্ব বেজবৰুৱাৰ স্মৃতি চাৰণ সভা

 



' অপূৰ্ব বেজবৰুৱাৰ স্মাৰক ন্যাস' গঠন




W7s news গুৱাহাটী: বিশিষ্ট শিল্পী প্ৰয়াত অপূৰ্ব বেজবৰুৱাৰ ৭২ সংখ্যক ওপজা দিন উপলক্ষে শনিবাৰে তেওঁৰ কাহিলীপাৰাস্থিত বাসভৱনত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। বিতুমণি গোস্বামীৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত প্ৰয়াত বেজবৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে তেওঁৰ সহধৰ্মিনী মণিকা বেজবৰুৱাই। এই সভাত বেজবৰুৱাৰ সৃষ্টিৰাজিৰ বিষয়ে আলোচনা কৰা হয়। এই সভাতে জিতু শৰ্মাৰ প্ৰস্তাবমৰ্মে  অপূৰ্ব বেজবৰুৱাৰ সৃষ্টিৰাজিৰ

 প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে সংৰক্ষণৰ সুবিধাৰ্থে এটা ন্যাস গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ' অপূৰ্ব বেজবৰুৱাৰ স্মাৰক ন্যাস' নামেৰে নামাকৰণ কৰা ন্যাসৰ  মুখ্য ন্যাসৰক্ষী হিচাপে মণিকা বেজবৰুৱাক নিৰ্বাচিত কৰা হয়। সভাত প্ৰদীপ বৰ্মন, অনুৰূপা ডেকাৰজা, শীলভদ্ৰ ডেকাৰজা, অজয় তালুকদাৰ, মানস দাস আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here