W7s news গুৱাহাটী: গুৱাহাটীস্থিত বিশাল প্ৰকাশনৰপৰা প্ৰকাশিত ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ আলোচনী ‘মাহেকীয়া বাৰ্তাপখিলী’য়ে ২০১২ চনৰপৰা চল্লিশোধৰ্ৰ লেখিকাক সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ সোঁৱৰণত সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কৃত কৰি আহিছে৷ এই প্ৰতিযোগিতাত চল্লিশোৰ্ধৰ লেখিকা এগৰাকীৰ শ্ৰেষ্ঠ প্ৰবন্ধ সংকলনখন নিৰ্বাচকমণ্ডলীৰ দ্বাৰা বাছনি কৰি ‘পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা’ প্ৰদান কৰা হয়৷ ‘বাৰ্তাপখিলী’ৰ ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰমি অষ্টাবিংশ বৰ্ষত পদাৰ্পণ আৰু সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ একাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰদান কৰিব লগীয়া ২০২২ বৰ্ষৰ বঁটাৰ বাবে নিৰ্বাচকমণ্ডলীয়ে দৰং জিলাৰ খাৰুপেটীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড॰ ধনশ্ৰী শৰ্মাক নিৰ্বাচিত কৰিছে ‘অসমীয়া হাস্য-ব্যংগ সাহিত্য বিচাৰ’ শীৰ্ষক প্ৰবন্ধ সংকলনৰ বাবে৷ উল্লেখ্য, বঁটাৰ বাবে নিৰ্বাচিত গ্ৰন্থখন লেখিকাৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ৷ মঙলদৈৰ বাসিন্দা ড॰ ধনশ্ৰী শৰ্মাৰ পিতৃ-মাতৃ ক্ৰমে ৰতিকান্ত শৰ্মা আৰু মাহিন্দ্ৰী শৰ্মা৷ ২০১৭ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন’ বিভাগৰ পৰা ড॰ মুকুল চক্ৰৱৰ্তীৰ তত্ত্বাৱধানত গৱেষণা কৰি ‘একবিংশ শতিকাৰ অসমীয়া হাস্য-ব্যংগ সাহিত্য’ বিষয়ত পি এইচ ডি লাভ কৰে৷ ‘পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা’ ৩ নৱেম্বৰত মঙলদৈ টাউনতে এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ’ব বুলি দাতা পৰিয়ালৰ তৰফৰপৰা গোপাল জালান আৰু ‘বাৰ্তাপখিলী’ৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকাই জানিবলৈ দিয়ে৷ এই বঁটাৰ লগত ২১,০০০ [একৈশ হাজাৰ] টকা, স্মাৰক, গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰ থাকিব৷
No comments:
Post a Comment