দীপাৱলীত উপলদ্ধ হ'ব পাঁচ লক্ষাধিক মাটিৰ চাকি
W7s news গুৱাহাটী :- ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিবিধ ক্ষেত্ৰৰ অগ্ৰণী অনুষ্ঠান লঘূ উদ্যোগ ভাৰতীয়ে সমাগত দীপাৱলী উপলক্ষে প্রায় পাঁচ লক্ষাধিক মাটিৰ চাকি উপলদ্ধ কৰাৰ এক লক্ষ্য লৈছে। আগন্তক ১৮, ১৯ আৰু ২০ অক্টোবৰত গুৱাহাটীৰ ভৰলুমুখস্থিত, নাৰায়ণ নগৰ আলোক ভৱনত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। শনিবাৰে সংবাদ মাধ্যমক এই কথা সদৰী কৰে লঘূ উদ্যোগ ভাৰতীৰ পূৰ্বোত্তৰ সচিব তথা গ্ৰাম আৰু শিল্পী প্ৰস্থৰ দায়িত্ববাহী অৰূপ বৰপূজাৰী আৰু লঘূ উদ্যোগ ভাৰতীৰ পূৰ্বোত্তৰৰ সভাপতি মনোজ লুণ্ডীয়াই। তেওঁলোকে লগতে কয় যে বিগত বৰ্ষৰ দীপাৱলীৰ সময়তো লঘু উদ্যোগ ভাৰতীয়ে নলবাৰী জিলাৰ কুলবিল হীৰাপাৰাৰ মৃৎ শিল্পীসকলৰ পৰা প্ৰায় এক লক্ষাধিক মাটিৰ চাকি সংগ্ৰহ কৰি গুৱাহাটীত উপলদ্ধ কৰিছিল। যাৰ ফলত কিছুসংখ্যক খাটিখোৱা খিলঞ্জীয়া মৃৎ শিল্পীয়ে আর্থিক দিশত সকাহ পাইছিল। সেই অভিজ্ঞতাৰ দ্বাৰা উৎসাহিত হৈয়েই লঘু উদ্যোগ ভাৰতীয়ে এইবাৰ নলবাৰী, বৰপেটা, ধুবুৰী আৰু নগাওঁ জিলাৰ বিভিন্ন ঠাইৰ পৰা এইবাৰ প্ৰায় পাঁচ লক্ষাধিক মাটিৰ চাকি উপলদ্ধ কৰাৰ লক্ষ্য লোৱা হৈছে। দীপাৱলীৰ নিশা এন্ধাৰ নাশ কৰাৰ লগতে খিলঞ্জীয়া মৃৎ শিল্পী সকলৰ দৰিদ্ৰতা দূৰীকৰণতো সকলোৱে সহযোগ কৰক, যি সহযোগিতাই আমাৰ সাংস্কৃতিক পৰিচয়ৰ লগতে গ্রাম্য অৰ্থনীতি আত্মনিৰ্ভৰশীল কৰাত কিছু পৰিমাণে সহায় হ'ব। এইবাৰ এই অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা আৰু বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী উপস্থিত থাকিব।'
No comments:
Post a Comment