W7s news গুৱাহাটী:
গুৱাহাটী বিশ্ববিদ্যালয়ে বছৰজোৰা মহাৰজত জয়ন্তীৰ উদযাপনৰ লগত সংগতি ৰাখি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহযোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্ত: বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা শনিবাৰে আয়োজন কৰে । বিশ্ববিদ্যালয় সংগীতেৰে শুভাৰম্ভনী হোৱা অনুষ্ঠানটোত বন্তি প্ৰজ্জ্বলন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে। তেওঁ কাৰ্যসূচী উদ্বোধন কৰি কয় যে: বিশ্ববিদ্যালয়খনৰ চলি থকা বছৰজোৰা মহাৰজত জয়ন্তী উদযাপনৰ অংশ হিচাপে বিশেষভাৱে বিশ্ববিদ্যালয়খনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰাটো এক অতি আনন্দৰ কথা। অধ্যাপক সন্দিকৈয়ে লগতে কয় যে আমি বিশেষকৈ ছাত্ৰ সমাজৰ মাজত জলবায়ু পৰিৱৰ্তনৰ বিষয়টো উত্থাপন কৰিব লাগিব আৰু সকলোৱে ভাবিব লাগিব যে তেওঁলোক ব্যৱস্থাটোৰ এক অবিচ্ছেদ্য অংশ হিচাপে জলবায়ু সংকটৰ ওপৰত কাম কৰিব লাগিব। এই অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথ ।প্ৰতিযোগিতাৰ অধ্যক্ষ হিচাপে উপস্থিত থাকে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, অসমৰ অধ্যক্ষ ড০ অৰূপ কুমাৰ মিশ্ৰ, বিচাৰক হিচাপে উপস্থিত থাকে দ্য আছাম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক পি. জে বৰুৱা,বিশিষ্ট তৰ্কিক, সমাজসেৱী দিগন্ত বিশ্বশৰ্মা আৰু পাটনা আই. আই.টিৰ সহকাৰী অধ্যাপিকা ড০ মেঘনা দত্ত । ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতাত অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কস্তুৰী চুতীয়াক শ্ৰেষ্ঠ তাৰ্কিক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অৰ্চিতা কাশ্যপ আৰু কটন বিশ্ববিদ্যালয়ৰ ত্ৰিদিব ভাগবতী ক্ৰমে ১ম ৰানাৰ্ছ আপ আৰু ২য় ৰানাৰ্ছ আপ হিচাপে ঘোষণা কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আশীষ বৰুৱা আৰু কস্তুৰী চুতীয়াক শ্ৰেষ্ঠ দল, কটন বিশ্ববিদ্যালয়ৰ ত্ৰিদিব ভাগবতী আৰু সুদৰ্শন শৰ্মাক ১ম ৰানাৰ্ছ আপ, নীলাঞ্জনা পৰাশৰ আৰু অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ নিস্কামনা অসমীয়াক ২য় ৰানাৰ্ছ আপ হিচাপে ঘোষণা কৰা হয়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্রকল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে ।
No comments:
Post a Comment