গুৱাহাটীৰ পৰা আকাচা এয়াৰৰ আগৰতলা আৰু বেংগালুৰুলৈ পোনপটীয়া বিমান সেৱা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 22 October 2022

গুৱাহাটীৰ পৰা আকাচা এয়াৰৰ আগৰতলা আৰু বেংগালুৰুলৈ পোনপটীয়া বিমান সেৱা

 


W7s news গুৱাহাটী : গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষ চমুকৈ এল জি বি আই এই যাত্ৰীৰ বৰ্দ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি বিমান সেৱা প্ৰদানকাৰী কোম্পানী  "আকাচা এয়াৰ"ৰ জৰিয়তে ২১ অক্টোবৰৰ পৰা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা আৰু কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুলৈ পোনপটীয়া নতুন  বিমান সেৱা  আৰম্ভ কৰিছে । এল জি বি আই এ কৰ্তৃপক্ষৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে ফ্লাইট কিউ ১৩২৩ বিমানখন দৈনিক বিয়লি  ১ বাজি ৫ মিনিটত গুৱাহাটীৰ পৰা উৰা মাৰিব আৰু এঘণ্টা পাছত  ২ বাজি ৫ মিনিটত গৈ আগৰতলা বিমানবন্দৰত অৱতৰণ কৰিব । তেনেদৰে ফ্লাইট কিউ ১৩২৪ বিমানখন দৈনিক বিয়লি ৪.৪৫ বজাত গুৱাহাটীৰ পৰা উৰা মাৰিব আৰু তিনি ঘন্টা পাছত গৈ সন্ধিয়া ৭.৪৫ বজাত বেংগালুৰু বিমানবন্দৰত অৱতৰণ কৰিব । আনহাতে আকাচা  এয়াৰে  বয়িং বি ৭৩৭ - ৮০০  শ্ৰেণীৰ বিমান আগৰতলা আৰু বেংগালুৰুলৈ চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই বিমানত আসনৰ সংখ্যা প্ৰায় ১৮৯  খন । আনহাতে এই নতুন সেৱাৰ ফলত দুয়োখন ৰাজ্যলৈ গুৱাহাটীৰ পৰা যাবলগীয়া যাত্ৰী সকল বহুখিনী উপকৃত হব বুলি আশা কৰা হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here