দীপাৱলীত শব্দ-বায়ু প্ৰদূষণৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সজাগতা অভিযান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 23 October 2022

দীপাৱলীত শব্দ-বায়ু প্ৰদূষণৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সজাগতা অভিযান

 

'দীপাৱলী হওক কেৱল পোহৰৰ উৎসৱ' শিৰোনামা লৈ সজাগতা কাৰ্যসূচী



W7s news ষ্টাফৰিপোৰ্টাৰ:পোহৰৰ উৎসৱ 'দ্বীপান্বিতা'ৰ সময়ত  আতচ-বাজীয়ে সৃষ্টি কৰা শব্দ আৰু বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ইলোৰা বিজ্ঞান মঞ্চ, জ্ঞান বিজ্ঞান সমিতি-অসম, চি আৰ ইউ (উত্তৰ পূৰ্বাঞ্চল), আৰণ্যক, পৰিৱেশ সুৰক্ষা সমিতি, সুস্থ সমাজ বিকাশ চক্ৰকে ধৰি কেইবাটাও বিজ্ঞান আৰু পৰিৱেশ সংক্ৰান্ত সংগঠনে জনসাধাৰণৰ মাজত বিগত কেইবাদিন ধৰি সজাগতা অভিযান চলাই আছে। এই সন্দৰ্ভত সংগঠনসমূহে 'দীপাৱলী হওক কেৱল পোহৰৰ উৎসৱ' শিৰোনামাৰে ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজপথ, বজাৰ-সমাৰ, বাছ আস্থান আদি জনসমাগম হোৱা ঠাইবোৰত আৰু শিক্ষানুষ্ঠান আদিত যৌথভাৱে প্ৰচাৰ-পত্ৰ বিতৰণ, সজাগতা সভা, বেনাৰ-প্লেকাৰ্ড প্ৰদৰ্শন আদিৰ জৰিয়তে উচ্চ প্ৰাবল্যৰ বায়ু-শব্দ প্ৰদূষণকাৰী আতচ-বাজী পৰিহাৰ কৰাৰ বাবে ৰাইজলৈ আহ্বান জনাইছে। দেৱালীৰ আনন্দ-উল্লাসৰ মাজত যাতে কোনো দুৰ্ঘটনা আদি সংঘটিত নহয়, গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীৰ জটিলতা বৃদ্ধি বা নতুনকৈ শ্বাস-প্ৰশ্বাস জনিত ৰোগ, হাওঁফাওঁৰ ৰোগ, স্নায়বিক বিকাৰ, আদিত কোনো লোক আক্ৰান্ত নহয়, তাৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈ সংগঠনসমূহে আহ্বান জনাইছে। ২০ অক্টোবৰত গুৱাহাটীৰ ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰ, নলবাৰী চহৰৰ ৰাজপথ, তিনিচুকীয়া জিলাৰ ডুমডুমা উচ্চতৰ মাধ্যমিক বিদ্যালয়, হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়, বংগীয় বিদ্যালয় আদিত সজাগতা অভিযান আৰম্ভ কৰা হয়। ২১-২২ অক্টোবৰত গুৱাহাটীত চানমাৰি অঞ্চল, পাণ্ডু - মালিগাঁও অঞ্চল, ২২-২৩ অক্টোবৰত গুৱাহাটীৰ পাঞ্জাবাৰী, বাঘৰবৰী আৰু বেলতলা অঞ্চলত ইলোৰা বিজ্ঞান মঞ্চৰ সংশ্লিষ্ট শাখাসমূহে জ্ঞান বিজ্ঞান সমিতি, চি আৰ ইউ আদি সংগঠনৰ লগ হৈ প্ৰচাৰ পত্ৰ বিতৰণ তথা সজাগতা অভিযান চলায়। নগাঁও, মংগলদৈ, শদিয়া, শিৱসাগৰ, ডিব্ৰুগড়, বৰপেটা, কয়াকুছি, তেজপুৰ, গোৱালপাৰা, বকো আদি ৰাজ্যৰ বিভিন্ন ঠাইত নানা কাৰ্যসূচীৰে প্ৰচাৰ সংগঠিত কৰা হয়। এই অভিযানৰ যোগেদি সংগঠনসমূহে দীপান্বিতাৰ উৎসৱৰ সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী নিশা ৮ বজাৰ পৰা ১০ বজালৈ কেৱল দুঘণ্টাৰ বাবে সেউজীয়া ফটকা আৰু আতচ-বাজীৰ আনন্দ স্ফূৰ্তি কৰাৰ বাবে জনসাধাৰণলৈ আহ্বান জনায়।ইলোৰা বিজ্ঞান মঞ্চই ইতিপূৰ্বে প্ৰকাশ কৰা এটা বিবৃতিত অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে ২০০৫ চনৰ উচ্চতম ন্যায়াল়য়ৰ শব্দ প্ৰদূষণ সম্পৰ্কীয় এটা ৰায়ৰ আলম লৈ নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ ৰাজ্যত আতচ-বাজীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰি দিনটোৰ বাকী ১৬ ঘণ্টাই অবাধে সেউজ ফটকা ফুটোৱাৰ অনুমতি প্ৰদান কৰাত আশ্চৰ্য প্ৰকাশ কৰে। দৰাচলতে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে শব্দ আৰু বায়ু প্ৰদূষণ সংক্ৰান্তত ২০০৫ চনৰ পৰৱৰ্তী সময়ত (২০২২ চনৰ চলিত অক্টোবৰ মাহলৈ) কেইবাটাও ৰায় ঘোষণা কৰে আৰু ২০১৮ চনৰ ২৩ অক্টোবৰত দিয়া ৰায় অনুসৰি দীপাৱলীৰ নিশা ৮ বজাৰ পৰা ১০ বজালৈ কেৱল দুঘণ্টাৰ বাবেহে সেউজ ফটকা ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে। ২০১৮ চনৰ সেই নিৰ্দেশ এতিয়াও কাৰ্যকৰী হৈ আছে। পৰৱৰ্তী ৰায়সমূহতো দুই ঘণ্টাৰ সময় সীমাৰ সাল-সলনি ঘটোৱা নাই। সেয়েহে ২০০৫ চনৰ ৰায়ৰ উদ্ধৃতি দি ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে জনসাধাৰণক বিভ্ৰান্ত কৰাৰ লগতে উচ্চতম ন্যায়ালয়কো অৱমাননা কৰিছে। প্ৰদূষণমুক্ত দেৱালীৰ পৰিৱৰ্তে ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বোৰ্ডখনে উৎসৱটোক প্ৰদূষণৰ উৎসৱলৈহে পৰ্যবসিত কৰিছে বুলি বিজ্ঞান মঞ্চৰ সভাপতি ড০ চন্দ্ৰমোহন শৰ্মা আৰু সাধাৰণ সম্পাদক কমলেশ গুপ্তই অভিযোগ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here