W7s news গুৱাহাটী : উত্তৰ গুৱাহাটীৰ শ্রীশ্রীআউনীআটী সত্ৰত ২, ৩ আৰু ৪ ডিচেম্বৰত নামঘৰ সমাৰোহৰ আয়োজন কৰা হৈছে। অসমৰ সমৃদ্ধ সংস্কৃতিৰ যাউতিযুগীয়া সম্পদ এই নামঘৰ সমূহ আৰু ইয়াৰ সংস্কৃতিক সামৰি আউনীআটী সত্ৰ উত্তৰ গুৱাহাটীয়ে ৰাইজৰ সহযোগত এক বিশাল ধর্মীয় তথা সাংস্কৃতিক অনুষ্ঠান "নামঘৰ সমাৰোহ "ৰ
তিনিদিনীয়াকৈ আয়োজন কৰিছে। এই ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠানত সামুহিক নাম-প্ৰসঙ্গৰ লগতে ভাওনা, ৰাস আৰু অসমৰ আপুৰুগীয়া ধৰ্মীয় নাম সমূহ প্রদর্শীত হ'ব। এই নামঘৰ সমাৰোহৰ তৃতীয় দিনা কাৰ্যসূচীত ২০০০ শিশুৰ খোল বাদনৰ লগতে যি সমুহীয়া দিহা নামৰ আয়োজন কৰা হৈছে। গতিকে উক্ত অনুষ্ঠানত খোল বাদন আৰু দিহা নামত অংশগ্ৰহণ কৰিব বিচৰা ছাত্ৰসকলৰ নামসমূহ আগতীয়াকৈ প্ৰেৰণ কৰিবলৈ শিশু দিহানাম উপ-সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে অনুৰোধ জনাইছে।
No comments:
Post a Comment