প্ৰধান শিক্ষয়িত্রী গীতা গোস্বামীৰ দেহাৱসানঃ- - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 15 October 2022

প্ৰধান শিক্ষয়িত্রী গীতা গোস্বামীৰ দেহাৱসানঃ-




W7s news গুৱাহাটী :


কামৰূপ মহানগৰ  জিলাৰ আজাৰা থানাৰ  অন্তৰ্গত পূৱ মাজিৰগাঁওস্থিত পশ্চিম ৰামছাৰাণী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্রী গীতা গোস্বামীৰ জটিল ৰোগত আক্ৰান্ত হৈ ৫৬ বছৰ বয়সত চেন্নাইস্থিত এপ'ল হস্পিতালত ১৫ অক্টোবৰত  ৫৬ বছৰ বয়সত দেহাৱসান ঘটে | কমলপুৰ সমষ্টিৰ বাৰেদলা নিবাসী প্ৰয়াত শিক্ষক বসুদেৱ গোস্বামী আৰু  নিলীমা গোস্বামীৰ বৰ জী গীতা গোস্বামী শিঙাৰপাৰাস্থ ললিত ডেকা  হাইস্কুলৰ শিক্ষয়িত্রী হৈ থাকোতেই কেন্দুৱা নিবাসী মুক্তিযুঁজাৰু প্ৰয়াত কৃষ্ণ কান্ত শৰ্মা আৰু প্ৰয়াত চন্দ্ৰপ্ৰভা দেৱীৰ দ্বিতীয় পুত্র ডাঃতীৰ্থ শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হয় | গুৱাহাটী লংকেশ্বৰৰ স্থায়ী বাসিন্দা হোৱা বাবে ৰাম়ছাৰাণী হাইস্কুললৈ বদলি হৈ গৈ শেষত প্ৰধান শিক্ষয়িত্রী পদত অধিষ্ঠিত হৈছিল আৰু তেওঁৰ প্ৰচেষ্টা আৰু শিক্ষক শিক্ষয়িত্রী সকলৰ সহযোগত বিগত  গুণোত্সৱত পশ্চিম ৰামছাণী হাইস্কুলে কামৰূপ  জিলাৰ বিদ্যালয়সমুহৰ ভিতৰত স্বস্বতাৰ ক্ষেত্রত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল |তেওঁ মৃত্যুৰ সময়ত স্বামী,এজন পুত্র,জী- জোৱাই আৰু বহু আত্মীয় স্বজনক এৰি থৈ যায় |তেওঁৰ অকাল মৃত্যুত শিঙাৰপাৰা,লংকেশ্বৰ অাৰু পশ্চিম মাজিৰগাঁও অঞ্চলত গভীৰ শোকৰ ছা পৰে |

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here