গুৱাহাটী প্ৰেছ ক্লাবত চেভ ভৰলু অভিযানৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 28 October 2022

গুৱাহাটী প্ৰেছ ক্লাবত চেভ ভৰলু অভিযানৰ সংবাদ মেল

 



৩০ অক্টোবৰত চেভ ভৰলু অভিযানৰ প্ৰতিষ্ঠা দিৱস


দিৱসৰ লগত সংগতি ৰাখি ’বজাৰ কৰা মোনা বিতৰণ কাৰ্যসূচী’





W7s news ষ্টাফৰিপোৰ্টাৰ: চেভ ভৰলু অভিযানৰ বিগত বছৰটোৰ কাম- কাজৰ খতিয়ান ল’বলৈ আৰু ভৱিষ্যত কাৰ্যপন্হাৰ বিষয়ে আলোচনা কৰিবলৈ ৩০ অক্টোবৰত মহানগৰীৰ বিষু নিৰ্মলা ভৱনত দিনৰ ১০:৩০ বজাত প্ৰথম প্ৰতিষ্ঠা দিৱস আৰু প্ৰথম সাধাৰণ সভাৰ আয়োজন কৰিছে৷অনুষ্ঠানত প্ৰকৃতিবিদ আৰু হাড়গিলা চৰাইৰ সংৰক্ষণৰ কাৰণে কৰ্মৰত ড° পূৰ্ণিমা দেৱী বৰ্মনে শুভাৰম্ভ কৰাৰ লগতে গুৱাহাটী আৰু ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° অমৰজ্যোতি চৌধুৰীয়ে মুখ্য অতিথিৰ আসন,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° শীলা বৰাই সন্মানিত অতিথিৰ আসন শুৱনি কৰিব৷-এই মন্তব্য চেভ ভৰলু অভিযানৰ সভাপতি ড° ৰবীন মজুমদাৰৰ৷আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত ডা° ৰবীন মজুমদাৰে পুনৰ কয়-সেই দিনাই অভিযানৰ নতুন প্ৰকল্প  ’বজাৰ কৰা মোনা বিতৰণ কাৰ্যসূচী’ শুভাৰম্ভ কৰা হ’ব৷যি হ’ব মোনা ব্যৱহাৰ কৰাৰ নাগৰিকৰ পুৰণি অভ্যাস ওভতাই অনাৰ এক প্ৰয়াস,যাতে প্লাষ্টিক,পলিথিনৰ মোনা ব্যৱহাৰত অভ্যস্ত নাগৰিকে উপলদ্ধি কৰিব পাৰে যে এই মোনাৰ ব্যৱহাৰে পুৱাৰ পৰা সন্ধিয়ালৈ একোখন ঘৰলৈ অনা দহ- বাৰটা প্লাষ্টিকৰ মোনা বন্ধ কৰিব পাৰিলে মহানগৰত কিমান প্লাষ্টিক সামগ্ৰী কমি যাব৷মুমূৰ্ষ ভৰলুক পুনৰুজ্জীৱিতকৰণৰ বাবে জনসাধাৰণৰ মাজত ভৰলুৰ মৃতপ্ৰায় অৱস্হাৰ সৈতে পৰিচয় কৰাই দি ইয়াৰ পুনৰুদ্ধাৰৰ বাবে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে সামাজিকভাৱে সচেতন নাগৰিকৰ দ্বাৰা প্ৰতিষ্ঠিত সংস্হা চেভ ভৰলু অভিযান৷এই সংস্হাটোৱে ২০২১ চনৰ ২৬ ছেপ্টেম্বৰত জোনালীৰ পৰা ভৰলুমুখলৈ সফলতাৰে আয়োজন কৰা চাইকেল ৰেলীৰে আৰম্ভ কৰা জনসজাগতা কাৰ্যসূচীৰ পাছত বিভিন্ন তেনে কাৰ্যসূচী সম্পন্ন কৰি অহা সংস্হাটো ৩০ অক্টোবৰত এবছৰ সম্পূৰ্ণ হ’ব৷সকলো কাৰ্যসূচীয়েই গুৱাহাটীৰ নাগৰিকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ পাছত ২৫ ছেপ্টেম্বৰত একে সময়তে ভৰলু বাহিনীৰ পাৰৰ পাঁচ অঞ্চলত ’ভৰলু পদযাত্ৰা’ অনুষ্ঠিত কৰা হয়৷শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমৰ সহযোগত ’ক্লীন ভৰলু ড্ৰাইভ’ কাৰ্যসূচীত নাগৰিকৰ স্বতঃস্ফুৰ্ত অংশগ্ৰহণে সংস্হাটোৰ সৌষ্ঠভ বৃদ্ধি কৰে৷সংবাদ মেলত অভিযানৰ উপ-সভাপতি ডা° সীমাৰেখা দেৱী,যুটীয়া সচিব ডা° ৰুবী কটকী,আশীষ দাস,সদস্য দীপক ভাগৱতী,জয়ন্ত গোস্বামী,কৃষেন্দু ৰয়,ধ্ৰুৱজ্যোতি শইকীয়া উপস্হিত থাকে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here