W7s news গুৱাহাটী,: FDCI ৰ সহযোগত মুম্বাইত অনুষ্ঠিত লেকমি ফেশ্বন সপ্তাহৰ শুভাৰম্ভণিৰ দিনটোত আন্তঃ ৰাষ্ট্ৰীয় ফেশ্বন ডিজাইন প্ৰতিস্থান, গুৱাহাটীৰ শিক্ষাৰ্থীসকলে দুটা অনুষ্ঠানত তেওঁলোকৰ আলোকময় সৃজনশীলতাৰ প্ৰদৰ্ষণ কৰে, যাৰ নাম “জেননেক্সট” আৰু “লঞ্চ পেড” ।INIFD গুৱাহাটীৰ শিক্ষাৰ্থী হাছিম আলি আৰু চেজল ডালমিয়াই FDCI এ সহযোগ কৰা এই লেকমি ফেশ্বন সপ্তাহ অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ লগতে সুখ্যাত ডিজাইনাৰ আৰু তাৰকাসকলৰ লগত প্ৰত্যক্ষভাৱে কাৰ্য্যকৰীকৰণ গোটৰ লগত সহযোগিতা কৰাৰ সুবিধা লাভ কৰে। এই অনুষ্ঠানে যুৱ ডিজাইনাৰ আচিম কাপুৰ, পূজা হালদাৰ, অতিৱ আনন্দ, সোম্যা গোয়ল, আৰ্শনা ৰাজ আৰু অঙ্কুৰ বৰ্মাৰ ডিজাইনাৰ বৃত্তিৰ প্ৰথম অনুষ্ঠান প্ৰত্যক্ষ কৰে। বলিউড জগতৰ অভিনেত্ৰী গোহাৰ খানক INIFD শিক্ষাৰ্থীসকলৰ দ্বাৰা নিৰ্মিত পোছাকেৰে দীপ্তিমানভাৱে দৃশ্যমান হয় আৰু তেখেতে INIFD লঞ্চ পেডৰ শ্বো-ষ্টপাৰ হিচাপে ৰেম্পত খোজ দিয়ে। লোকপ্ৰিয় মঞ্চ“INIFD দ্বাৰা উপস্থাপন কৰা জেননেক্সট”এ অতি গৰ্বৰে ২৭৫ গৰাকী উদীয়মান ডিজাইনাৰক বিগত ৩৩ টা নিৰৱচ্ছিন্ন খণ্ডৰ বাবে প্ৰস্তুত কৰি আহিছে, যত এসময়ত ৰাহুল মিশ্ৰ, মাচাবা গুপ্তা, নচিকেট বাৰ্ভে, গৌৰাঙ্গ, আচা কাজিংমেই, মহাম্মাড মাজহাৰ, আৰু অনেক বিখ্যাত ডিজাইনাৰে নিজৰ বৃত্তিৰ প্ৰথম অনুষ্ঠান প্ৰদৰ্শণৰ কৰিছিল। INIFD ৰ বিস্ব মুখ্য কাৰ্যকৰী অধিকাৰী শ্ৰী অনিল খোচলাই কয়, “মই অতি গৰ্বিত যিহেতু INIFDএ দুটাকৈ অনুষ্ঠান ভাৰতৰ এটি আগৰণুৱা ফেশ্বন অনুষ্ঠান, FDCIৰ দ্বাৰা সহযোগ কৰা লেকমি ফেশ্বন সপ্তাহত পৰিবেশন কৰাৰ সুযোগ লাভ কৰিছে যিয়ে ভাৰতৰ যুৱ প্ৰজন্মৰ উঠি অহা ডিজাইনাৰ সকলক উদগনি জগাই আহিছে। INIFDৰ লঞ্চ পেড অনুষ্ঠানত শিক্ষাৰ্থী ডিজাইনাৰসকলে শ্ৰেণীকোঠাৰ পৰা প্ৰত্যক্ষভাৱে লেকমি ফেশ্বন অনুষ্ঠানৰ মঞ্চত নিজৰ কৰ্ম উপস্থাপন কৰাটো সঁচাকৈ এক বিশেষ অভিজ্ঞতা”। “বিগত ৩৩ টা নিৰৱচ্ছিন্ন লেকমি ফেশ্বন সপ্তাহত INIFD প্ৰত্যক্ষভাৱে জড়িত থাকি অতি গৰ্বিত। INIFDৰ ইন্টিৰিয়ৰ ডিজাইনাৰ শাখাৰ শিক্ষাৰ্থী আকাশ বৰ্মা, বৈদেহি চুতাৰ, বংশিতা জিন্দাল, মহম্মদ নাজিমুদ্দিন আৰু চাবা শ্বেখে ৫ দিনৰ বাবে FDCIৰ সহযোগত অনুষ্ঠিত লেকমি ফেশ্বন সপ্তাহৰ অনুষ্ঠান সমূহৰ মঞ্চসজ্জাত জড়িত থাকে” তেখেতে লগতে উল্লেখ কৰে।
Post Top Ad
Responsive Ads Here
Thursday, 27 October 2022
লেকমি ফেশ্বন অনুষ্ঠানত INIFD গুৱাহাটীৰ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰে নিজৰ সৃজনশীলতা
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment