যশস্বী চিত্রশিল্পী নীলপৱন বৰুৱাৰ দেহাৱসান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 28 October 2022

যশস্বী চিত্রশিল্পী নীলপৱন বৰুৱাৰ দেহাৱসান

 

W7s news গুৱাহাটী :  যশস্বী  চিত্ৰশিল্পী নীলপৱন বৰুৱাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে। ২২ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চিকিৎসাধীন হৈ থকা বিশিষ্ট চিত্ৰশিল্পীগৰাকীৰ ২৫ অক্টোবৰৰ নিশা স্বাস্থ্যৰ অৱনতি ঘটাত ভেণ্টিলেচনত ৰখা হৈছিল। কিন্তু অৱশেষত  শুকুৰবাৰে বিয়লি ৩.১৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ লগে লগে শিল্পীসত্তাৰ এটা যুগৰ অন্ত পৰিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। নীলপৱন বৰুৱাৰ জন্ম হৈছিল ১৯৩৬ চনৰ পহিলা জুনত যোৰহাট জিলাৰ টিয়কৰ তামুকীছিঙা গাঁৱত। পিতৃ 'ধ্বনি কবি' ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱা। নীলপৱন বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত কলেজীয়া শিক্ষা লোৱা নাছিল। কিন্তু প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ শান্তি নিকেতনত শিক্ষা লোৱাৰ মানস কৰে আৰু কলকাতালৈ যায়। প্ৰথমে তেওঁৰ ইচ্ছা আছিল কৃষি বিষয়ত শিক্ষা লোৱাৰ। কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলালৈ আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষা গ্ৰহণ কৰে। ১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল। শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা শেষ কৰি তেওঁ নিকেতনৰ পৰা glazed pottery বিষয়ত শিক্ষা লয়। পাছলৈ তেওঁ নতুন দিল্লীৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংণৰ শিক্ষা লৈছিল। ১৯৬৬ চনত কলিকতাৰ পৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছানুসৰি 'গুৱাহাটী আৰ্ট কলেজ'ত শিক্ষকৰ কামত যোগ দিয়ে। ১৯৭১ চনত তেওঁ অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে। লগতে 'বসুন্ধৰা কলা নিকেতন' নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰে পৰা তেওঁ চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে। নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ কলকাতাৰ 'বিৰলা একাডমি অফ আৰ্ট এণ্ড কালচাৰ, ভুৱনেশ্বৰৰ 'লক্ষ্ণৌ ললিত কলা একাডেমি'কে আদি কৰি বিভিন্ন ঠাইত প্ৰদৰ্শিত হৈছে। তেওঁৰ অংকতি ছবিয়ে দিল্লীৰ ললিত কলা একাডেমিত অসমক প্ৰতিনিধিত্ব কৰিছিল। ১৯৮২ চনত তেওঁ অসমৰ লোক-কলা আৰু বৈষ্ণৱ মুখা শিল্পৰ ওপৰত তিনিমহীয়া কাৰ্যশালা অনুষ্ঠিত কৰিছিল। মুখা শিল্পৰ কাৰ্যশালাত মাজুলীৰ মুখা-শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। তেওঁ বৃন্দাৱনী বস্ত্রৰ বৰুৱাই বয়ন শিল্পক পুনৰ-জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল। উল্লেখ যে নীলপৱন বৰুৱাই 'চাৰমিনাৰ' চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছিল। নীলপৱন বৰুৱাই পূৰ্বতে উল্লেখ কৰা অনুসৰি ষাঠী আৰু সত্তৰৰ দশকতে তেওঁ চিগাৰেটৰ বাকচত ছবি অঁকা আৰম্ভ কৰিছিল আৰু সেই সময়ত তেওঁ প্ৰচূৰ ধূমপান কৰিছিল। সৃষ্টিৰ বিশালতাৰে এটা অনুষ্ঠান স্বৰূপ হৈ নীলপৱন বৰুৱাই অসমৰ খ্যাতনামা কণ্ঠশিল্পী দীপালী বৰঠাকুৰক নিজৰ জীৱন সংগী কৰি লৈছিল। কণ্ঠশিল্পী দীপালী বৰঠাকুৰে 'মটৰ-নিউৰণ ৰোগ'ত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰুৱাৰ লগতে   'হুইল চেয়াৰৰ'ৰ আশ্ৰয় ল'বলগীয়া হৈছিল। এনে অৱস্থাতে নীলপৱন বৰুৱাই ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হৈছিল। বিয়াৰ পাছত মৃত্যু পৰ্যন্ত তেওঁ  দীপালী বৰঠাকুৰক যত্ন লৈ আহিছিল। ২০১৮ চনত মৃত্যু হোৱালৈকে পাঁচ দশকৰো অধিক সময় বিচনাত পৰি আছিল দীপালী বৰঠাকুৰ। পত্নী দীপালী বৰঠাকুৰৰ মৃত্যুৰ পাছত তেওঁ অকলশৰীয়া হৈ পৰিছিল। অৱশেষত অসমৰ সমাজ জীৱনত এক শূণ্যতাৰ সৃষ্টি কৰি নীলপৱন বৰুৱাও আঁতৰি গ'ল। অন্য এক গতি (সংকলন), বসুন্ধৰা-১ আৰু বসুন্ধৰা-২ তেওঁৰ উল্লেখযোগ্য ৰচনা। বহু সন্মানেৰে সন্মানিত হোৱা নীলপৱন বৰুৱাক ২০২১ চনত অসম চৰকাৰে 'অসম সৌৰভ' বঁটাৰে সন্মানিত কৰিছিল। উল্লেখ যে নীলপৱন বৰুৱাৰ চিত্ৰসমূহ বিমূৰ্ত আৰু সেইবোৰে এটা ধাৰণা প্ৰকাশ  কৰে। কিছুমান ক্ষেত্ৰত তেওঁৰ চিত্ৰসমূহত এটা ধাৰণা লুকাই থাকে আৰু যিয়ে তেওঁক সৰ্বোচ্চ স্তৰৰ শিল্পী কৰি তোলে। খুব কম সংখ্যক শিল্পী আছে যিয়ে এটা চিত্ৰৰ জৰিয়তে একাধিক ধাৰণা প্ৰকাশ কৰিব পাৰে। নীলপৱন বৰুৱাই নিজৰ চিন্তাক কেৱল কেনভাছতেই আৱদ্ধ কৰি ৰখাই নহয় পুৰণি কাৰ্ডবৰ্ডৰ বাকচ, মেচবক্স, চিগাৰেটৰ পেকেট ব্যৱহাৰ কৰে। তেওঁ নিজৰ চৌপাশৰ সকলো বস্তুতে শিল্পকলা দেখা পাইছিল। আনহাতে বহু গ্ৰন্থৰ কভাৰ পেজ তেওঁৰ ডিজাইনত উদ্ভাসিত হৈছিল। এইগৰাকী শিল্পীৰ মৃত্যুত আজি শোকস্তব্ধ সমগ্ৰ ৰাজ্য। তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন দল-সংগঠনে শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। শনিবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here