সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সপ্তম দ্বি-বার্ষিক অধিবেশন, ডিব্ৰুগড়ত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 15 October 2022

সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সপ্তম দ্বি-বার্ষিক অধিবেশন, ডিব্ৰুগড়ত

 




W7s news গুৱাহাটী:  কাৰ্বি আংলং জিলাত স্থাপন কৰা ৰাজ্যৰ সপ্তম খন মেডিকেল কলেজ, ডিফু মেডিকেল কলেজ হাস্পতালত কৰ্মৰত চিকিৎসক সকলক সন্তুষ্ট কৰাৰ বাবে নিয়মীয়া পাহাৰীয়া ভাট্টাৰ উপৰিও বিশেষ পাহাৰীয়া ভাট্টা দিয়াৰ বিপৰীতে ডিফু মেডিকেল কলেজৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলক এই বিশেষ পাহাৰীয়া ভাট্টাৰ পৰা অন্যায়ভাৱে বঞ্চিত কৰাৰ কাৰ্য অমানৱীয় আৰু চূড়ান্ত বৈষম্যমূলক। সেয়েহে চিকিৎসকৰ সমাহাৰত (মূল দৰমহাৰ ২৫ শতাংশ) ডিফু মেডিকেল কলেজৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ সকলো কৰ্মচাৰীক সামৰি বিশেষ পাহাৰীয়া ভাট্টাৰ  আদায় দিবলৈ সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ কাৰ্যনিৰ্বাহক সভাই ৰাজ্য চৰকাৰক দাবী জনাইছে।  সংস্থাৰ সভাপতি দিগন্ত হাজৰিকা আৰু সাধাৰণ সম্পাদক দিলীপ চাংমাই শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কেন্দ্রীয় কার্যনির্বাহক সভাৰ সিদ্ধান্ত সদৰি কৰি এইদৰে কয়। সভাত সংস্থাৰ আগন্তুক সপ্তম দ্বি বার্ষিক অধিবেশনখনি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অহা বছৰৰ ২০ আৰু ২১ জানুৱাৰীত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিনিধি উপস্থিত থকা সভাই ইতিমধ্যে সপ্তম অসম দৰমহা আয়োগে দিয়া পৰামৰ্শ অনুসৰি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণী কৰ্মচাৰীক ৰোগী পৰিচৰ্য্যা ভাট্টা  উপলব্ধ কৰিবলৈ জনোৱা দাবী পুনৰ দোহাৰিছে। উল্লেখযোগ্য যে চলিত বছৰৰ ২৮ জানুৱাৰীত  অসমৰ মুখ্যমন্ত্ৰীয়ে সংস্থাৰ প্ৰতিনিধিৰে হোৱা আলোচনাত ৰোগী পৰিচৰ্য্যা ভাট্টা বিষয়ত সহমত পোষণ কৰি স্বাস্থ্য আৰু বিত্ত বিভাগক কাৰ্য্যকৰী কৰিবলৈ প্ৰেৰণ কৰা টোকা আজিও সংশ্লিষ্ট বিভাগত অৱহেলিত হৈ থকাত সভাই আক্ষেপ  প্রকাশ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here