W7s news ষ্টাফৰিপোৰ্টাৰ:
ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি আশা নকৰি ঋণ লৈ অথবা নিজা প্ৰচেষ্টাৰে ব্যৱসায় আৰম্ভ কৰি নিজৰ লগতে আন দহজনক সংস্থাপন দি কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিছে। এনে এক প্ৰচেষ্টাৰে পশ্চিম গুৱাহাটী সমষ্টিৰ গড়গৰাৰ সুমন হিৰা নামৰ এজন যুৱকে গাহৰী পলনেৰে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ২০১২ চনত নিজৰ গাঠিৰ ধন খৰচ কৰি আত্মনিৰ্ভৰশীল যুৱকজনে নিজে কৰ্মসংস্থাপনৰ বাট উলিয়াই আৰম্ভ কৰিছিল এইখন গাহৰীৰ ফাৰ্ম। তাৰ পিছৰে পৰা গাহৰী পালনৰ বিভিন্ন প্ৰশিক্ষণ শিবিৰত অংশ লৈ পৰ্যায়ক্ৰমে বৃদ্ধি কৰে নিজৰ ফাৰ্মখন। বৰ্তমান সুমনৰ ফাৰ্মৰ পৰা তেওঁ যথেষ্ঠ লাভমান হোৱাৰ সমান্তৰালভাৱে গাঁৱখনৰ আদৰ্শ গাহৰী পালক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। দহ বছৰ পূৰ্বে আৰম্ভ কৰা উক্ত ফাৰ্মখনত বৰ্তমানলৈ ২০টা পোৱালীৰ লগতে সৰ্বমুঠ ৩৫টা গাহৰী আছে। যুৱক জনে বৰ্তমানেও কোনোধৰণৰ ঋণ লোৱা নাই যদিও ফাৰ্মখন আৰু বৃদ্ধি কৰাৰ বাবে বিশেষভাৱে আগবাঢ়িছে। ৰাজ চৰকাৰৰ কৃষি বিভাগলৈ আহ্বান জনাইছে যে আঁচনিৰ জড়িয়তে সুমনৰ লগতে অন্য গাহৰী পালকসকলৰ ব্যৱসায় বৃদ্ধি কৰাত সহায় সহযোগিতা কৰিবলৈ। সুমন হীৰা গাহৰি ফাৰ্মখনত আজি ৰাণীস্থিত আঞ্চলিক পশুধন উদ্যোমিতা আৰু ব্যৱস্থাপনা কেন্দ্ৰৰ বিষয়ববীয়া সীমা পেগুসহ এটি সজাতি দলে উপস্থিত হৈ পৰিদৰ্শন কৰি বুজ লয়।
No comments:
Post a Comment