গুজৰাটৰ গান্ধী আশ্ৰমত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 18 October 2022

demo-image

গুজৰাটৰ গান্ধী আশ্ৰমত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

Responsive Ads Here

 

IMG-20221018-WA0033

W7s news গুৱাহাটী : অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মঙলবাৰে গুজৰাটৰ সবৰমতী নদীৰ কাষত অৱস্থিত গান্ধীজীৰ ঐতিহ্যমণ্ডিত সবৰমতী আশ্ৰম আৰু এই আশ্ৰমত গান্ধীজীয়ে বাস কৰা 'হৃদয় কুঞ্জ' নামৰ কুটীৰটো পৰিদৰ্শন কৰে ৷ উল্লেখ্য, মহামানৱ মহাত্মা গান্ধীয়ে তেওঁৰ পত্নী কস্তুৰবা গান্ধীৰ সৈতে এই আশ্ৰমত ১৯১৮ চনৰ পৰা ১৯৩০ চনলৈ ১২ বছৰ কাল বাস কৰিছিল ৷মন্ত্ৰী দাসে আশ্ৰম খনত থকা মহাত্মা গান্ধীৰ স্মৃতি বিজড়িত প্ৰতিটো সামগ্ৰী তথা স্মাৰক সমূহ দৰ্শন কৰে ৷ মন্ত্ৰী দাসে আশ্ৰমত থকা যঁতৰত সুতা কটাৰ লগতে গান্ধীয়ে গোৱা প্ৰাৰ্থনাও আওৰায় ৷ মহাত্মা গান্ধীৰ প্ৰাৰ্থনাত পবিত্ৰ গংগা, যমুনাৰ লগতে অসমৰ প্ৰাণস্বৰূপ ব্ৰহ্মপুত্ৰ নদীৰ নাম উল্লেখ থকা দেখি মন্ত্ৰী দাস আনন্দিত হোৱাৰ লগতে গৌৰৱ অনুভৱ কৰে ৷ মন্ত্ৰী দাসে আশ্ৰমখনত থকা গান্ধী স্মাৰক সংগ্ৰহালয়টো পৰিদৰ্শন কৰে ৷

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *