W7s news গুৱাহাটী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানাৰ অন্তৰ্গত চকৰদৌত ভক্তপ্ৰাণ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনায় কাষৰীয়া দেউচটাল অঞ্চলৰ সমাজকর্মী বলেশ্বৰ ৰংপী আৰু তেওঁৰ সহধৰ্মিনী তথা আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে নতুনকৈ নিৰ্মাণ কৰি দিছে এটা ৰাজহুৱা শ্ৰী শ্ৰীমা কালী মন্দিৰ । ১৭ অক্টোবৰত বিয়লি মাংগলিক কাৰ্যৰ মাজেৰে শতাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত নৱনির্মিত কালী মন্দিৰটো উদ্ধোধন কৰে মন্দিৰ দাতা বলেশ্বৰ ৰংপীয়ে । এই উপলক্ষে মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি হৰিণ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত মন্দিৰ দাতা বলেশ্বৰ ৰংপীয়ে ভাষণত ভগৱানৰ আশীৰ্বাদ আৰু ৰাইজৰ মৰম , স্নেহ , সহযোগিতাৰ বাবে মন্দিৰটো ভবা ধৰণে নিৰ্মাণ কৰিব পাৰিছে বুলি ব্যক্ত কৰে । অনুষ্ঠানত চকৰদৌ ৰাইজ গয়ৰহৰ সভাপতি সুগ্ৰীৱ ৱে , সম্পাদক নৃপেন ইংতি , চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহৰ প্ৰাক্তন সম্পাদক প্ৰমোদ কলিতা , মন্দিৰ নিৰ্মাণ সমিতিৰ সম্পাদক বিমল মেধি , সমাজকর্মী কেষ্টৰাম ৰংপী , মহেশ্বৰ ৰংপীকে ধৰি বৃহত্তৰ চকৰদৌ অঞ্চলৰ কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । আনহাতে মন্দিৰ উদ্ধোধনৰ লগত সংগতি ৰাখি সন্ধিয়া আমন্ত্ৰিত পুৰুষ আৰু মহিলা দলে নাম - প্ৰসংগ পৰিবেশন কৰে । উল্লেখযোগ্য যে অহা ২৪ আৰু ২৫ ,অক্টোবৰত নৱনির্মিত মন্দিৰ চৌহদত দুদিনীয়া কাৰ্যসূচীৰে উলহ - মালহৰে শ্ৰী শ্ৰীকালী পূজা অনুষ্ঠিত কৰা হব ।
No comments:
Post a Comment