বিজেপি কৃষক মৰ্চাৰ উদ্যোগত ৰাজ্যজুৰি মাটি চাকি বিতৰণ কাৰ্যসূচী গ্ৰহণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 23 October 2022

বিজেপি কৃষক মৰ্চাৰ উদ্যোগত ৰাজ্যজুৰি মাটি চাকি বিতৰণ কাৰ্যসূচী গ্ৰহণ

 

বিজেপি কৃষক মৰ্চাৰ উদ্যোগত ৰাজ্যজুৰি মাটি চাকি বিতৰণ কাৰ্যসূচী 


W7s news গুৱাহাটী: ভাৰতীয় জনতা পার্টি, অসম প্রদেশ কৃষক মৰ্চাৰ সাংগঠনিক কমিটিৰ উদ্যোগত দীপাৱলীৰ প্ৰাকক্ষণত ৰাজ্য খনৰ ৪০ খন সাংগঠনিক জিলাতে সমাজৰ বিভিন্ন অংশৰ লোকৰ মাজত পৰিৱেশ অনুকুল মাটিৰ চাকি বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। কৃষক মৰ্চাই ২২ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ অসমৰ আটাইকেইখন সাংগঠনিক জিলাত এই কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচী সমূহত কৃষক মৰ্চাৰ বিভিন্ন জিলা আৰু মণ্ডলৰ বিষয়ববীয়াই অংশগ্রহণ কৰে। কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰা হয় ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন'ৰ পৰা এই কাৰ্যসূচীৰ শুভ আৰম্ভণি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আৰু গুৰি ধৰে বিজেপি কৃষক মৰ্চা অসম প্রদেশৰ সভাপতি দেৱজিত বৰাই। ইয়াত উপস্থিত থাকে ৰাজ্যিক কৃষক মৰ্চাৰ প্ৰভাৰী অশোক ভট্টায়, ৰাজ্যিক কার্যালয় স


ম্পাদক সুশান্ত বিশ্বাস, কৃষক মৰ্চাৰ উপ সভাপতিদ্বয় ভাস্কৰ দাস আৰু ৰাজেন্দ্ৰ নাথ, সাধাৰণ সম্পাদকদ্বয় নিবাৰণ লহকৰ আৰু ইন্দ্ৰানী তহবিলদাৰ, অনুষ্ঠানটোৰ আহ্বায়ক অংকুৰ দত্তৰ লগতে মৰ্চাৰ অন্যান্য বিষয়া, সদস্য সকল উপস্থিত থাকে। এই কাৰ্যক্ৰমৰ পিছতেই ৰাজ্যিক কৃষক মৰ্চাৰ এটা দলে বশিষ্ঠস্থিত দৃষ্টিহীন বিদ্যালয়, ৰূপনগৰৰ হৰিজন কলনী, বীৰুবাৰীৰ ৰামকৃষ্ণ মিছনৰ "Pass" (Home cum care center)আদিকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চলত ৮ হাজাৰো অধিক মাটিৰ চাকি বিতৰণ কৰা হয়। বিশেষভাৱে সক্ষম আৰু সমাজৰ অৱহেলিত অংশৰ এই লোক সকলে সমাজৰ মূল সুতিৰ মানুহবোৰৰ দৰে যাতে পোহৰ উৎসৱ পালন কৰিব পাৰে তাৰ এক বাৰ্তা দিয়া হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here