বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিৰ উদ্যোগত কাতি বিহু - W7S News

Breaking News

demo-image

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 17 October 2022

demo-image

বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিৰ উদ্যোগত কাতি বিহু

Responsive Ads Here

 

W7s news গুৱাহাটী : বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিৰ উদ্যোগত আৰু গীতানগৰ বিহু সন্মিলনী সমিতিৰ সহযোগত এইবেলি পোন প্ৰথমবাৰৰ বাবে গীতা


নগৰ স্কুলৰ খেল-পথাৰত  ১৮ অক্টোবৰত বাপতি-সাহন কাতি বিহুটি ৰাজহুৱা ভাৱে পালন কৰাৰ যো-জা কৰা হৈছে। বিজ্ঞপ্তিটোত সমিতিৰ সভাপতি ৰঞ্জন বৰা আৰু সম্পাদক অজয় তালুকদাৰে জানিবলৈ দিয়া মতে বৰ্তমান কংক্ৰিতৰ মহানগৰীত বসবাস কৰা বা আজিৰ প্ৰজন্মই কাতি বিহুৰ প্ৰকৃত পৰম্পৰানো কি, সঁচা অৰ্থত পাহৰি পেলাইছে। সেয়ে সেই সকলক এই বিহুৰ লগত চিনাকি কৰি দিয়াৰ উদ্দেশ্যে কালিলৈ গীতা নগৰ স্কুল খেল পথাৰত এখনি কৃত্তিম ধাননি পথাৰ, এটি খেৰি-ঘৰ, ঘৰৰ ওপৰত কোমোৰা, জেওৰাৰ চৌহদ, নঙলা-মুখ, তুলসীৰ ভিতি আদি তৈয়াৰ কৰি সম্পূৰ্ণ এখন গাঁৱৰ পৰিবেশ তৈয়াৰ কৰাৰ চেষ্টা কৰা হৈছে।  উক্ত দিনাই কাতি বিহুৰ লগত সংগতি ৰাখি বিয়লি তিনি বজাৰ পৰা কণ কণ ল'ৰা-ছোৱালীৰ মাজত প্ৰাৰ্থনা প্ৰতিযোগিতা, পুৱা এঘাৰ বজাৰ পৰা চিত্ৰাঙ্কন প্ৰতিযোগিতা আৰু চাৰি বজাৰ পৰা তুলসীৰ ঢিপ বনোৱা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। প্ৰতিটো প্ৰতিযোগিতা ক শাখাত প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ আৰু খ শাখাত সপ্তম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অনুস্থিত হ'ব। উল্লেখযোগ্য যে অনুষ্ঠানটিত ভাগ ল'ব সংগীত শিল্পী তৰালি শৰ্মা, অভিনেত্ৰী মলয়া গোস্বামী, সাংসদ তথা মুখ্যমন্ত্ৰীৰ উপদেষ্টা পবিত্ৰ মাৰ্ঘেৰিতা, মেয়ৰ মৃগেন শৰণীয়া, কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ উপৰিও অন্যান্য বহুতো গণ্য-মান্য ব্যক্তি।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *