মহানগৰীৰ কলেজত প্রথমটো সেউজ গৃহ(গ্রীণ হাউছ) উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 17 October 2022

মহানগৰীৰ কলেজত প্রথমটো সেউজ গৃহ(গ্রীণ হাউছ) উদ্বোধন

 

 


W7s news গুৱাহাটী:’নতুন ৰাষ্ট্রীয় শিক্ষানীতি ২০২০ আৰু ছাত্রীৰ স্বাৱলম্বন আৰু দক্ষতা বিকাশৰ হেতু গুৱাহাটীৰ কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ইতিহাস বিভাগে সম্পূর্ণ নিজাববীয়াকৈ ‘জীৱন শিক্ষা’ নামৰ এখন আচঁনি প্রস্তুত কৰি বিভিন্ন দিশত সজাগতা, দক্ষতা বিকাশ আৰু আর্থিক স্বাৱলম্বনৰ এক প্রয়াস বিগত এবছৰ ধৰি চলাই আহিছে৷ নিচেই কম খৰছতে এগৰাকী ছাত্রীয়ে কিদৰে স্বাৱলম্বী হ’ব পাৰে তাৰ এক শিক্ষা দি অহা হৈছে৷ চৌহদৰ অকনমান পৰিত্যক্ত (কোনোদিনে কেতিয়াও ব্যৱহাৰ নোহোৱা)ভূমিত এদৰা অতি সুন্দৰ থলুৱা মালভোগ কল, বেঙেনা আৰু গুৱাহাটীৰ সর্বপ্রথম এইখনেই কলেজ য’ত এটা আটক ধুনিয়া ‘সেউজ গৃহ’(গ্রীন হাউছ) নির্মাণ কৰি এই মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ জাহিদ চৌধুৰী, প্রতিষ্ঠাপক ৰাজনীতি বিজ্ঞানৰ অধ্যাপক পৰেশ মেধি আৰু প্রতিষ্ঠাপক চতুর্থ বর্গৰ কর্মচাৰী ধীৰেশ্বৰ ডেকাৰ পৱিত্র স্মৃতিত উৎসর্গা কৰা হৈছে৷ এই ‘ত্রিমুর্ত্তি সেউজ গৃহ’টো সোমবাৰে বিয়লি  অসমৰ উচ্চশিক্ষাধিকর্তা ধর্মকান্ত মিলিয়ে শুভ উদ্বোধন কৰে৷ ভাষণ প্রসংগত উচ্চশিক্ষাধিকর্তা গৰাকীয়ে গুৱাহাটীৰ কলেজসমূহৰ ভিতৰতেই প্রথম সেউজ গৃহই অনান্য কলেজ সমূহকো উৎসাহিত কৰিব বুলি মন্তব্য প্রদান কৰি উদ্যোক্তাসকলৰ এনে প্রচেষ্টাক শলাগ লয়৷ এই সভাখন পৰিচালনা আৰু আদৰণি ভাষণ প্র্দান কৰে অধ্যক্ষা ড০ চন্দ্রমা গোস্বামীয়ে৷ জীৱন শিক্ষা আচঁনিখন আৰু সেউজ গৃহৰ অন্তৰালৰ বক্তব্য ৰাখে এই আচঁনিখনৰ সমন্বয়ক ড০ ধীৰেন শ্রুতিকৰে৷শলাগৰ শৰাই আগবঢ়ায় ড০ দর্শন বিভাগৰ মুৰব্বী নৱনীতা বৰুৱাই৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here