ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱচামৰ বাবে ডিজিটেল চালিত শিক্ষণ আৰু দক্ষতা বিকাশৰ উদ্দেশ্যে অসম চৰকাৰেৰে সহযোগিতা স্থাপন গুগলৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 17 October 2022

ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱচামৰ বাবে ডিজিটেল চালিত শিক্ষণ আৰু দক্ষতা বিকাশৰ উদ্দেশ্যে অসম চৰকাৰেৰে সহযোগিতা স্থাপন গুগলৰ

 

ছাত্ৰ-ছাত্ৰীৰ বাবে উন্নত শিক্ষণ ফলাফলৰ বাবে গুগলৰ সহযোগত বিদ্যালয়সমূহ ডিজিটেলকৰণৰ দিশে চৰকাৰৰ প্ৰচেষ্টাক

সমৰ্থন কৰিব গুগলে


যুৱচামক চাকৰিৰ বাবে সাজু কৰিবলৈ আগবঢ়াইছে গুগল কেৰিয়াৰ চাৰ্টিফিকেট


স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন সুৰক্ষা আৰু ডিজিটেল নাগৰিকত্বৰ কাৰ্যসূচী গ্ৰহণ


W7s news গুৱাহাটী :  ৰাজ্যত ডিজিটেল বিকাশ আৰু উন্নয়নৰ প্ৰসাৰৰ অসম চৰকাৰৰ মিছনক সমৰ্থন আৰু ত্বৰান্বিত কৰিবলৈ গুগলে সোমবাৰে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে | এই নতুন পদক্ষেপৰ অধীনত গুগলে অসম চৰকাৰৰ দক্ষতা, নিয়োগ, আৰু উদ্যমিতাৰ বিভাগৰ  সৈতে সহযোগিতা স্থাপন কৰি শিক্ষাদান আৰু শিক্ষাগ্ৰহণত সহায়ক হোৱাকৈ ডিজিটেল শিক্ষণ পদ্ধতি আৰু সমাধান ব্যৱস্থাৰে তেওঁলোকৰ


স্কুল ডিজিটেলকৰণ প্ৰচেষ্টা শক্তিশালী কৰিব আৰু ইয়াৰ সমান্তৰালকৈ 'বি ইন্টাৰনেট অ'ছ'ম' কাৰ্যসূচীৰ জৰিয়তে অনলাইন সুৰক্ষা আৰু ডিজিটেল নাগৰিকত্বৰ মৌলিক দিশসমূহৰ বিষয়ে প্ৰচাৰ কৰিব | গুগলে লগতে আছাম স্কিল ডেভেলপমেন্টমিছন ৰ সহযোগত অসমৰ যুৱচামলৈ গুগল কেৰিয়াৰ চাৰ্টিফিকেটছৰ বাবে জলপানিও আগবঢ়াব |

বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা সন্দৰ্ভত অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাহিমন্ত বিশ্ব শৰ্মাই কয়, “বিগত বছৰ সমূহত অসমলৈ আগবঢ়োৱা সমৰ্থন আৰু প্ৰতিশ্ৰুতিৰ লগতে বিভিন্ন সমুদায়ৰ মাজত ডিজিটেল স্বাক্ষৰতা ত্বৰান্বিত কৰাৰ আমাৰ প্ৰচেষ্টাক সমৰ্থন কৰাৰ বাবে মই গুগলক ধন্যবাদ জনাইছোঁ | অসমক ৰূপান্তৰ কৰাৰ আৰু দেশৰ বিকাশত অৰিহণা যোগোৱা আগশাৰীৰ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ আমাৰ লক্ষ্যৰ বাবে ডিজিটেল চালিত প্রযুক্তি আৰু শাসনত গুৰুত্ব আৰোপ কৰিছোঁ। ৰাজ্যজুৰি বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহলৈ শ্ৰেষ্ঠ ডিজিটেল পদ্ধতি আৰু প্ৰযুক্তি কঢ়িয়াই আনিবলৈ আৰু নতুন দক্ষতাৰ সুযোগ সৃষ্টি কৰিবলৈ গুগলৰ সৈতে সহযোগিতা স্থাপন কৰি আমি নথৈ আনন্দিত হৈছোঁ। এই কাৰ্যসূচীসমূহে আমাৰ শিশু আৰু আমাৰ যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ ক্ষেত্ৰত আৰু চাকৰি আৰু কেৰিয়াৰৰ সুযোগ শক্তিশালী কৰাত বহুখিনি সহায় কৰিব । বুজাবুজিৰ চুক্তিৰ কথা বৰ্ণনা কৰি গুগল ইণ্ডিয়াৰ কাউন্ট্রি হেড আৰু উপাধ্যক্ষ সঞ্জয় গুপ্তাই কয়, “ৰাজ্যজুৰি সকলো সমুদায়লৈ ডিজিটেল পদ্ধী আৰু প্ৰযুক্তিৰ সুবিধাসমূহ কঢ়িয়াই অনাত আৰু ইয়াৰ প্ৰযুক্তি চালিত সামগ্রিক বিকাশত সহায় কৰাৰ ক্ষেত্ৰত এই এম অ' ইউ হৈছে অসম চৰকাৰৰ সৈতে আমাৰ দীৰ্ঘদিনীয়া সহযোগিতাৰ আন এক পদক্ষেপ। শ্ৰেণীকোঠাসমূহত চিন্তাশীলভাৱে ডিজিটেল প্রযুক্তি সংযোগ, পৰৱৰ্তী প্ৰজন্মৰ বাবে শিক্ষাৰ আধুনিকীকৰণ লগতে শিশুসকলে যাতে ইন্টাৰনেটৰ সুফল লাভ কৰিব পাৰে তাৰ বাবে অনলাইন সুৰক্ষা সম্পর্কে সজাগতা গঢ়ি তোলাৰ বাবে অসম চৰকাৰৰ শেহতীয়া প্ৰচেষ্টাত আমি সহযোগিতা আগবঢ়াবলৈ পাই যথেষ্ট সুখী হৈছোঁ। শিশু আৰু যুৱচামৰ বাবে ডিজিটেল গ্রহণযোগ্যতা স্বৰান্বিত কৰি আৰু ইন্টাৰনেটৰ সঠিক মূল্যবোধৰ বিষয়ে অৱগত কৰি তেওঁলোকক বিকাশৰ দিশে অগ্ৰসৰ কৰাই আৰু ভাৰতৰ ক্ষিপ্ৰ গতিত বিকশিত ডিজিটেল অৰ্থনীতিত আগুৱাই যাবলৈ তেওঁলোকক অত্যাৱশ্যকীয়প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ সুযোগেৰে সজ্জিত কৰাৰ ক্ষেত্ৰত আমি একেলগে কাম কৰি যোৱাৰ আশা কৰিছোঁ।"এই এম অ' ইউৰ অধীনত গুগলে অসম চৰকাৰৰ সৈতে নিম্নোক্ত ক্ষেত্ৰত সহযোগিতা স্থাপন কৰিব :• গুগল ফৰ এডুকেচনৰ সহযোগিতামূলক পদ্ধতিসমূহৰ জৰিয়তে ৰাজহুৱা বিদ্যালয়সমূহক ডিজিটেল শিক্ষাৰে সবলীকৰণ কৰা: গুগল ফৰ এডুকেচনে ৰাজ্যৰ শিক্ষাৰ ডিজিটেলকৰণৰ প্ৰচেষ্টাৰ বাবে সহযোগিতা স্থাপন কৰিব আৰু সমগ্ৰ অসমৰ বিদ্যালয়সমূহত ডিজিটেল শিক্ষা গ্রহণ সমর্থন কৰিব, যিয়ে শিক্ষক প্ৰশিক্ষণ আৰু চাৰ্টিফিকেচনসহ ৰাজ্যৰ সকলো শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে ইয়াৰ ডিজিটেল লার্নিং প্লেটফৰ্মৰ, গুগল ৱৰ্কস্পেচ ফৰ এডুকেচন-ফাণ্ডামেন্টেলছৰ সুবিধা গ্ৰহণ কৰাত সহায় কৰিব। গুগলৰ 'ৰীড এলংগ' এপ্লিকেচনে প্রাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সুৰক্ষিত আৰু স্বতন্ত্রভাৱে শিক্ষা গ্ৰহণ আৰু তেওঁলোকৰ পঢ়াৰ দক্ষতা গঢ়ি তোলাত সহায় কৰিব ।সাজু যুৱচামলৈ গুগল কেৰিয়াৰ চাৰ্টিফিকেট জলপানি : যুৱচামক ডিজিটেল প্ৰতিভাৰ চাকৰিৰ বাবে কৰি তুলিবলৈ জলপানি আৰু প্ৰশিক্ষণ প্ৰদানৰ বাবে গুগলে  সৈতে সহযোগিতা স্থাপন কৰিব এই কার্যসূচীয়ে যোগ্য আবেদনকাৰীক আই টি ছাপর্ট, আই টি অটোমেচন, ইউ এক্স ডিজাইন, ডাটা বিশ্লেষক, প্রজেক্ট মেনেজমেণ্ট আৰু ডিজিটেল মার্কেটিং এও কমাৰ্চৰ দৰে অধিক চাহিদা থকা ক্ষেত্ৰত গুগল কেৰিয়াৰ চাৰ্টিফিকেট গ্ৰহণ কৰাত সহায় কৰিব। এই শিক্ষার্থীসকলে নিয়োগকৰ্তাৰ সৈতে সংযোগ স্থাপন কৰাতো সহায় কৰিব। 'বি ইন্টাৰনেটি অ'ছম কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়সমূহত ডিজিটেল নাগৰিকত্ব আৰু অনলাইন সুৰক্ষাৰ প্ৰচাৰ: অনলাইনত সুৰক্ষিত হৈ থাকিবলৈ শিক্ষাৰ্থীসকলক প্ৰয়োজন হোৱা দক্ষতাৰ বিষয়ে শিক্ষাদান কৰাত সহায় কৰিবলৈ গুগলে শিক্ষকক প্রয়োজনীয় প্ৰশিক্ষণেৰে সজ্জিত কৰিব। গুগলে পূৰ্বে অসমত ইন্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ আৰু মহিলা সবলীকৰণ, ইন্টাৰনেট সুৰক্ষা, দক্ষতা বিকাশ আৰু সাৰ্বজনীন শিক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন আগবঢ়াই আহিছে। ২০১৮ ত ভাৰতীয় ৰে'লৱে আৰু ৰে'লটেলৰ সৈতে গুগলৰ যৌথ পদক্ষেপৰ অধীনত ভাৰতৰ ৪০০ সংখ্যক ৰে'ল ষ্টেচন হিচাপে ডিব্ৰুগড় ৰে'ল ষ্টেচনত ৱাইফাই সংযোগ কৰা হয়। শেহতীয়াকৈ গুগল ট্রেন্সলেটত উপলব্ধ ভাষাৰ তালিকাতো অসমীয়া সংযোজন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here