অভিযান্ত্রিক প্ৰতিষ্ঠানৰ খেলপথাৰত ৰাজ্যিক বস্ত্ৰ মেলা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 16 October 2022

অভিযান্ত্রিক প্ৰতিষ্ঠানৰ খেলপথাৰত ৰাজ্যিক বস্ত্ৰ মেলা


 




W7s news গুৱাহাটী: চানমাৰিৰ অসম অভিযান্ত্রিক প্ৰতিষ্ঠানৰ খেলপথাৰত ১৪ দিনীয়াকৈ অনুষ্ঠিত হৈছে 'ৰাজ্যিক বস্ত্ৰ মেলা' ২০২২-২৩, গুৱাহাটী।'এই মেলাখন শনিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ শিল্প মন্ত্ৰালয়ৰ অন্তৰ্গত শিপিনী সেৱা কেন্দ্ৰৰ পূব মণ্ডলৰ সঞ্চালক এছ বন্দোপাধ্যায় আৰু কোকৰাঝাৰৰ ব্ৰফেডৰ পৰিচালন সঞ্চালক এন এন ৰাণা পাটগিৰিয়ে।ব্রফেডে আয়োজন কৰা মেলাখন অহা ২৭ অক্টোবৰলৈ অনুষ্ঠিত হ'ব।  উল্লেখ্য,  এই মেলাখনত  শিপিনীসকলে প্রস্তুত কৰি উলিওৱা বিভিন্ন বস্ত্ৰ  সম্ভাৰ উপলব্ধ হৈছে । ৰাজ্যৰ ৬০ খন বিপণীৰ লগতে জম্মু-কাশ্মীৰ, উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান আদিৰ ২০ খন বিপণীয়ে মেলাত অংশ লৈছে।  এই প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈকে মেলাখন মুকলি থাকিব।এই মেলাখনত ৰাইজৰ সঁহাৰি আশা কৰাৰ লগতে এই মেলাখনৰ জৰিয়তে এক কৌটি টকাৰ বিক্ৰী হ'ব বুলি আশা কৰা হৈছে বুলি কয় ব্ৰাফেডৰ কাৰিকৰী প্ৰশিক্ষক মৃদুল বৈশ্যই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here