গুৱাহাটী প্ৰেছ ক্লাৱত গ্রন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 16 October 2022

গুৱাহাটী প্ৰেছ ক্লাৱত গ্রন্থ উন্মোচন

 



W7s news গুৱাহাটী: কবি দেৱযানী কৃষ্ণৰ প্ৰথমখন কাব্য গ্ৰন্থ 'অক্লান্ত অৰুন্ধতীৰ যাত্ৰা জীৱনৰ' শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। বিশিষ্ট কবি নীলিম কুমাৰে  কাব্যগ্ৰন্থখন উন্মোচন কৰি কয়-অপসংস্কৃতিৰ বিৰুদ্ধে থিয় দিয়াৰ অস্ত্ৰ হৈছে এখন গ্ৰন্থ। সাম্প্ৰতিক সময়ত কিতাপৰ সংকট আহিছে। লেখকৰ সংখ্যা বাঢ়িছে যদিও পাঠকৰ অভাৱ দেখা গৈছে। কিতাপৰ শত্ৰু হৈ পৰিছে আমাৰ লগত থকা ম'বাইল ফোনটো। কিতাপৰ যে সংকট আহি পৰিছে সেইকথা আমি অনুভৱ কৰিব লাগিব। আমি প্ৰতিদিনে এঘণ্টা সময় গ্ৰন্থ অধ্যয়নৰ বাবে দিব লাগিব। পাঠকে গ্ৰন্থখন পঢ়িলেহে প্ৰকৃ তাৰ্থত গ্রন্থখন উন্মোচন হ'ব।  আমি নিজকে বিশ্লেষণ কৰিব লাগিব। এজন কবিক কবিতাইহে জীয়াই ৰাখে। কবি  দেৱযানী কৃষ্ণক কাব্যিক অভিনন্দন জনালোঁ।' উন্মোচনী সভাত জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞাইকয়- কবিতা লিখা প্ৰত্যাহ্বানমূলক কাম। সাহিত্য জীৱনক উজ্জীৱিত কৰিবলৈ সামাজিক দায়বদ্ধতা থাকিব লাগিব। সাহিত্যকলৈ অশুভ প্ৰতিযোগিতা হ'ব নালাগে। কবি দেৱযানী কৃষ্ণক অভিনন্দন জনোৱাৰ লগতে তেওঁ সাহিত্য জীৱনত নতুন চিনাকী দাঙি ধৰিব বুলি আশা কৰিলোঁ।' সভাত লেখিকা, সমাজকর্মী ৰুণা লাইলা, সমাজকৰ্মী পূৰ্ণিমা বণিয়া উপস্থিত থাকে। সাংবাদিক পল্লৱী বৰাই আঁত ধৰা সভাখনৰ আৰম্ভণিতে উপস্থিত বিশিষ্ট ব্যক্তি সকলে বন্তি প্ৰজ্বলন কৰে। সভাত লেখিকাই মনৰ কথা কোৱাৰ লগতে শলাগৰ শৰাই আগবঢ়ায়। উল্লেখ‍্য, কবিতাপুথিখনত মুঠ ৬৫ টা কবিতা সন্নিবিষ্ট কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here