এন চি চিৰ অসমৰ নৌ শাখাৰ কেডেটৰ ব্ৰহ্মপুত্ৰত দহদিনীয়া নৌকাচালনাৰ সফল সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 26 October 2022

এন চি চিৰ অসমৰ নৌ শাখাৰ কেডেটৰ ব্ৰহ্মপুত্ৰত দহদিনীয়া নৌকাচালনাৰ সফল সামৰণি

 


W7s news গুৱাহাটী  : ভাৰত চৰকাৰৰ  প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনত পৰিচালিত ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে  এন চি চিৰ নৌ শাখাৰ উত্তৰ পূব মণ্ডলৰ অন্তৰ্গত অসমৰ গুৱাহাটীস্থিত ৪৮ আসাম নেভেল এন চি চি  ইউনিট  আৰু শিৱসাগৰস্থিত ৪৯ আসাম নেভেল এন চি চি ইউনিটৰ এটা ৭৬ জনীয়া কেডেটৰ  ১৭ অক্টোবৰত বিশ্বনাথ চাৰিআলি ঘাটত ব্ৰহ্মপুত্ৰত  আৰম্ভ হোৱা  দহদিনীয়া নৌকাচালনাৰ  আজি গুৱাহাটীৰ পাণ্ডুঘাটত সফল সামৰণি পৰে । ৭৬ জনীয়া কেডেটৰ দলটোক নেতৃত্ব দিছিল ৪৯ আসাম নেভেল এন চি চি ইউনিটৰ কমাণ্ডিং অফিচাৰ লেফটেনেণ্ট কমাণ্ডাৰ ৰাজেশ ভুজেলে আৰু সুৰক্ষা বিষয়া হিচাপে সহযোগিতা কৰে ৪৮ আসাম নেভেল এন চি চি ইউনিটৰ কমাণ্ডিং অফিচাৰ দেবানন্দ দলেয়ে । আনহাতে কেডেটৰ দলটোৱে দহদিনীয়া নৌকাচালনাৰ সময়ত ব্যৱহাৰ কৰিছিল ২৭ ফুট দৈৰ্ঘ্যৰ ৩ খন অত্যাধুনিক নাওঁ আৰু দুখন উদ্ধাৰকাৰী নাওঁ । আনহাতে এই সময়ছোৱাত দলটোৱে মহাবাহু ব্ৰহ্মপুত্ৰত বহুত প্ৰতিকূল বাধা নেওচিও কোনো বিপদ বিঘিনী নোহোৱাকৈ ব্ৰহ্মপুত্ৰৰ কেবাটাও ঘাট ক্ৰমে শিলঘাট , জাহাজঘাট , ঠেলামৰা , টেঙাগিৰী , বৰামাৰী , কাছশিলা , হাতীশিলা , কুৰুৱা  আৰু লাচিতঘাটত ৰাত্রি  যাপন কৰে । ১৭ অক্টোবৰত বিশ্বনাথ ঘাটত এন চি চিৰ তেজপুৰ গ্রুপৰ গ্ৰুপ কমাণ্ডাৰে পতাকা জোকাৰি এই  দুসাহসী যাত্ৰাৰ শুভাৰম্ভ কৰিছিল । আনহাতে আজি বিয়লি পাণ্ডুঘাটত কেডেটৰ  দলটোক আদৰণি জনায় এন  চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতাই । এই উপলক্ষেএন চি চিৰ  গুৱাহাটীৰ  গ্ৰুপ  কমাণ্ডাৰ ব্ৰিগেডিয়াৰ ডিনাৰ দিঘে আঁত ধৰা অনুষ্ঠানত মেজৰ জেনেৰেল ভাস্কৰ কলিতাই কেডেটৰ দলটোক ব্ৰহ্মপুত্ৰৰ দৰে বিশ্বত এখন ব্যতিক্ৰমী নদীত এনে ধৰণৰ সফল অভিযান চলোৱা বাবে শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে । অনুষ্ঠানত অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক পাৰ্থ পেগু  , ১ আসাম এন চি চি বেটেলিয়ানৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল অৰবিন্দ সিং ঠাকুৰকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া , আৰক্ষী বিষয়া উপস্থিত থাকে । উল্লেখযোগ্য যে কেডেটৰ দলটোৱে ব্ৰহ্মপুত্ৰত অভিযান কালত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আৰু  বেটি পঢ়াও বেটি বচাও সন্দৰ্ভত সজাগতা সৃষ্টি , নদীৰ পাৰ চাফ - চিকুণ কৰি ৰখা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here