কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবৰ সৈতে সৰ্বানন্দ সোণোৱালৰ টেলিফোনিক বার্তালাপ
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰপৰা অসমীয়া বাতৰি সম্প্ৰচাৰকে ধৰি অন্যান্য গুৰুত্বপূর্ণ বিষয় সন্দৰ্ভত তাৎক্ষণিকভাৱে ইতিবাচক ব্যৱস্থা ল'বলৈ সচিবক আহ্বান জনায় সোণোৱালে
W7s news গুৱাহাটী : আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰপৰা আঞ্চলিক অসমীয়া বাতৰি উঠাই দিয়াৰ বাবে বিভিন্ন মহলত চৰ্চা হৈ থকাৰ সময়তে আজি কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানমর্মে তেখেতৰ ডিব্ৰুগড়স্থিত বাসগৃহত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিনিধিবর্গৰ সৈতে এক আলোচনা অনুষ্ঠিত হয়। আলোচনাকালত প্রতিনিধিসকলে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰপৰা আঞ্চলিক অসমীয়া বাতৰি উঠাই দিয়াৰ বিষয়টোৰ লগতে অন্যান্য সমস্যাসমূহৰ বিষয়ে সৰ্বানন্দ সোণোৱালক বিতংকৈ অৱগত কৰে৷ সোণোৱালে তেওঁলোকৰ মতামত আৰু সমস্যাসমূহ ভালদৰে শুনে আৰু এই সন্দৰ্ভত ডিব্ৰুগড়ৰপৰাই কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবৰ সৈতে তেওঁ টেলিফোনযোগে বাৰ্তালাপ কৰে ৷ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰপৰা অসমীয়া বাতৰি সম্প্ৰচাৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত তাৎক্ষণিক ভাৱে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ সচিব গৰাকীক আহ্বান জনায় । আনকি শীঘ্ৰে নতুন দিল্লীত সচিব গৰাকীৰ সৈতে বিষয়টো খৰচি মাৰি আলোচনা কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৰি কৰে ।
No comments:
Post a Comment