লক্ষ্মী পূজাৰ সোণালী জয়ন্তীত খানামুখত "চক্ৰবেহু" নাট মঞ্চস্থ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 10 October 2022

লক্ষ্মী পূজাৰ সোণালী জয়ন্তীত খানামুখত "চক্ৰবেহু" নাট মঞ্চস্থ

 



W7s news গুৱাহাটী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত অগ্ৰণী সামাজিক , সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন  খানামুখ মিলন সংঘই  ৯ অক্টোবৰৰ নিশা মঞ্চস্থ   কৰে বাস্তৱধৰ্মী পূৰ্ণাংগ সামাজিক নাট "চক্ৰবেহু" । খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সোণালী জয়ন্তী উৎসৱৰ সৈতে সংগতি ৰাখি খানামুখৰে নাট্যকাৰ চন্দন কলিতাৰ  ৰচিত আৰু অৱনী ডেকা পৰিচালিত নাটখনৰ  সফল মঞ্চায়নে   উপস্থিত সহস্ৰাধিক দৰ্শকক আপ্লুত কৰি তোলে । বৰ্তমান সমাজত ঘটি থকা হানি ট্ৰেপিং,সহজলভ্য ধনৰ পিছত দৌৰি ফুৰা,আৰক্ষী-সাংবাদিকৰ অশুভ মিতিৰালি আদি ঘটনাক লৈ ৰচিত নাটখনত মনপৰশা অভিনয় কৰে ক্ৰমে উৎপল বৰ্মন, বদন ৰঞ্জন  কলিতা,অমল কলিতা,চন্দন কলিতা,অৱনী ডেকা, প্ৰফুল্ল বৰুৱা, মকুণ্ড মহন্ত,কংকন দাস,গীতাঞ্জলী কলিতা, ননীশ্ৰী দাস,প্ৰদীপ কলিতা, বীৰেন্দ্ৰ নাথ ঠাকুৰীয়া, গৌতম কলিতা আৰু ময়ুখনীল কলিতাই । সংগীত পৰিচালনা  হিতেশ-সত্যজিতৰ । নৃত্য বুবুল বৈশ্য আৰু গৰিমা দাসৰ । দৃশ্যসজ্জা বিমল কুমাৰৰ ।মেকআপ মন্টু । মণ্চসজ্জা প্ৰাণজিৎ,সীমান্ত, দেবসী,অৰুণ,চিন্ময় । গ্ৰাফিকছ ভৱেশ ঠাকুৰীয়াৰ । উল্লেখযোগ্য যে  কভিডৰ দুটা বছৰ বাদ দি বিগত প্ৰায় চাৰি দশক ধৰি খানামুখ মিলন সংঘৰ উদ্যোগত  স্থানীয় শিল্পী সকলে  শ্ৰী শ্ৰী লক্ষ্মী পূজা বা তাৰ আগে - পাছে খানামুখ স্কুল খেলপথাৰত পূৰ্ণাংগ সামাজিক  নাট  মঞ্চস্থ কৰি আহিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here