W7s news গুৱাহাটী: নতুন পেঞ্চন নীতি বাতিল আৰু অন্যান্য কেতবোৰ দাবীৰ সমৰ্থনত অল ইণ্ডিয়া ৰে'লৱে মেনচ ফেডাৰেচনৰ ( এ আই আৰ এফ ) আহ্বান মৰ্মে ১২ অক্টোবৰত সমগ্ৰ দেশতে ৰে'ল কৰ্মী সকলে অনশন কাৰ্যসূচী পালন কৰিব । উত্তৰ-পূৱ সীমান্ত ৰে'লৰ সকলো ঠাইতে অনশন কাৰ্যসূচী সফল কৰি তোলাৰ বাবে এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ সদস্য সকলে ইতিমধ্যে বিভিন্ন ঠাইত পোষ্টাৰিঙ,পথসভা আদি অনুষ্ঠিত কৰি জনমত গঠন কৰি তুলিছে। এই সম্পৰ্কে এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ সভাপতি দিলীপ কুমাৰ চক্ৰৱৰ্তী আৰু সাধাৰণ সম্পাদক আশীষ বিশ্বাসে সংবাদ মাধ্যমক কয় যে , নতুন পেঞ্চন নীতি যুৱ কৰ্মচাৰীৰ বাবে এক ভয়াবহ সমস্যা হৈ পৰিছে । ইয়াৰ ফলত তেওঁলোকৰ সামাজিক নিৰাপত্তা নোহোৱা হৈ পৰিব । সুদীৰ্ঘকাল চাকৰি কৰাৰ পাছত বৃদ্ধাৱস্থাত পেঞ্চনেই একমাত্ৰ ভৰষা । কিন্তু ২০০৪ বৰ্ষৰ পহিলা জানুৱাৰীৰ পাছত নিযুক্তি প্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ অধিকাৰ কাঢ়ি নিয়াত এই সকল কৰ্মচাৰীৰ ভৱিষ্যত অন্ধকাৰময় হৈ পৰিছে। অকল ৰে'ল বিভাগতে আঠ লক্ষাধিক ৰে'ল কৰ্মচাৰীক নতুন পেঞ্চন নীতিৰ আওতালৈ আনি চাকৰিয়াল সকলৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা হৈছে । এনে বৈষম্য আমি কোনো কাৰণতে মানি লব নোৱাৰো বুলি মজদুৰ ইউনিয়নৰ নেতাদ্বয়ে ষ্পষ্ট কৰি দিয়ে । তেওঁলোকে কয় যে আমি আৰম্ভণিৰে পৰা নতুন পেঞ্চন নীতিৰ বিৰোধিতা কৰি আহিছো আৰু এনে বৈষম্যমূলক নীতি প্ৰত্যাহাৰ কৰি সকলোৰে বাবে পুৰণি পেঞ্চন নীতি বাহাল নকৰা পৰ্যন্ত এ আই আৰ এফ আৰু এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ আন্দোলন অব্যাহত থাকিব । অকল ৰে'ল কৰ্মচাৰীৰে নহয় দেশৰ সকলো ৰাজ্যিক আৰু কেন্দ্ৰীয় চাকৰিয়ালৰ ক্ষেত্ৰত বলবৎ কৰা নতুন পেঞ্চন নীতি বাতিল কৰিবই লাগিব -বিবৃতিটোত কোৱা হয় । নতুন পেঞ্চন নীতিৰ দৰে ৰাজহুৱা সম্পত্তিৰ ব্যক্তিগতকৰণেও চাকৰিয়াল আৰু দেশবাসী এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে । বৰ্তমানৰ চৰকাৰে দেশৰ সম্পদ সমূহ এপদ এপদকৈ বিক্ৰী কৰিব ধৰিছে । ৰে'লৰ দৰে চৰকাৰী খণ্ডৰ এক বৃহৎ লাভজনক উদ্যোগ ব্যক্তিগত কৰণ কৰা কাৰ্যই হ'ল ৰাজহুৱা সম্পত্তিৰ জৰিয়তে ব্যক্তি বিশেষৰ কোম্পানীক প্ৰত্যক্ষ ভাৱে ধন ঘটাৰ পথ মুকলি কৰি দিয়া । একেদৰে নতুন নতুন প্ৰকল্পৰ বাবে পদ সৃষ্টি নকৰি এহাতে কৰ্মৰত চাকৰিয়ালৰ ওপৰত কামৰ বোজা অত্যাধিক জাপি দিয়া হৈছে আৰু আনহাতে নিৱনুৱা যুৱক-যুৱতীক চাকৰিৰ পৰা বঞ্চিত কৰিছে । এনে জন বিৰোধী চৰকাৰৰ বিৰুদ্ধে গ্ৰহণ কৰা, নতুন পেঞ্চন নীতি বাতিল, ব্যক্তিগতকৰণ , পদ কৰ্তন, নতুন নিযুক্তি বন্ধ কৰা আদিৰ প্ৰতিবাদত ১২ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা আবেলি ৩ বজালৈ এই অনশনৰ কাৰ্যসূচী পালন কৰা হ'ব । অনশন কাৰ্যসূচী সফল কৰি তোলাৰ বাবে এন এফ ৰে'লৱে মজদুৰ ইউনিয়নে ৰে'ল
কৰ্মীৰ লগতে সকলোৰে সহযোগিতা কামনা কৰিছে। ইফালে
এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ মালিগাওঁ শাখাৰ সভাপতি ৰাজীৱ বৰা আৰু সম্পাদক সৌৰভ শইকীয়াই জনাই যে ১২ অক্টোবৰত এ আই আৰ এফ ৰ আহ্বান মৰ্মে উত্তৰ-পূৱ সীমান্ত ৰে'লৰ সদৰ কাৰ্য্যালয়ৰ সন্মুখত পুৱা ৯ বজাৰ পৰা ৬ ঘণ্টীয়া অনশন কাৰ্যসূচী পালন কৰা হ'ব । উক্ত অনশন কাৰ্যসূচীত সমূহ ৰে'ল কৰ্মী বিশেষকৈ নতুন পেঞ্চন নীতিৰ আওটাত পৰা সকলো চাকৰিয়ালকে অংশ গ্ৰহণ কৰি অনশন কাৰ্যসূচী সৰ্বতোপ্ৰকাৰে সাফল্য মণ্ডিত কৰি তুলিবলৈ অনুৰোধ জনায় । শাখাৰ সভাপতি আৰু সম্পাদকে জনায় যে অনশনস্থলীত অনুষ্ঠিত প্ৰতিবাদী সভাত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি, সাধাৰণ সম্পাদককে আদি কৰি কেন্দ্ৰীয় কমিটিৰ কেবাগৰাকীও নেতাৰ উপৰিও এ আই আৰ এফৰ উত্তৰ পূৱৰ সম্পাদক পীযুষ চক্ৰৱৰ্তী উপস্থিত থাকি বক্তব্য আগবঢ়াব।
No comments:
Post a Comment