পোহৰৰ উৎসৱ দীপাৱলী পোহৰেৰে উদযাপন কৰাৰ আহ্বান বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 21 October 2022

পোহৰৰ উৎসৱ দীপাৱলী পোহৰেৰে উদযাপন কৰাৰ আহ্বান বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ

 


জুয়ে পোৰা দুৰ্ঘটনাৰ ভিতৰত শতকৰা ১০-১২ শতাংশই হ'ল দেৱালীত সংঘটিত হোৱা দুর্ঘটনা


সৰহভাগেই হ'ল শিশু আৰু কিশোৰে দেৱালীত হোৱা দুৰ্ঘটনাৰ বলি হয়


কলগছ ফটকা ব্যৱহাৰৰ পৰা বিৰত থাকক-ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা



২০১০ চনৰ পৰা ২০২১ চনলৈ কলগছ ফটকাৰ ফলত হোৱা দুৰ্ঘটনাৰ হাৰ ৭২.১ শতাংশ, ফটকাৰ ফলত ১৭.১ শতাংশ, মাটিৰ চাকিৰ ফলত ৩.৬ শতাংশ আৰু ফুলজাৰিৰ ফলত ৬.৯ শতাংশ




W7s news ষ্টাফৰিপোৰ্টাৰ: জুয়ে পোৰা দুৰ্ঘটনাৰ ভিতৰত শতকৰা ১০-১২ শতাংশই হ'ল দেৱালীত সংঘটিত হোৱা দুর্ঘটনা। এই দুৰ্ঘটনাত বলি হোৱা সৰহভাগেই হ'ল শিশু আৰু কিশোৰ-এইদৰে কয় বাৰ্ণ বিশেষজ্ঞ তথা বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ সম্পাদক ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই। শুকুৰবাৰে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত কয়- নেমকেয়াৰ হাস্পতালৰ সামাজিক গোট বাৰ্‌ণ কেয়াৰ ফাউণ্ডেশ্বনে ইয়াৰ বাৰ্ণ ইউনিটত চিকিৎসা কৰিবলৈ ২০১০ চনৰ পৰা ২০২১ অহা দেৱালীত অগ্নিদগ্ধ হোৱা ৰোগীসকলৰ মুঠ সংখ্যা হ'ল ৪৮৯ জন। তাৰ ভিতৰত ৩৬৯জন পুৰুষ আৰু ১২০ জন মহিলা। শতকৰা হিচাপত পুৰুষৰ ৭৫.৪ শতাংশ আৰু মহিলাৰ ২৪.৫ শতাংশ। ২০১০ চনৰ পৰা ২০২১ চনলৈ কলগছ ফটকাৰ ফলত হোৱা দুৰ্ঘটনাৰ হাৰ ৭২.১ শতাংশ, ফটকাৰ ফলত ১৭.১ শতাংশ, মাটিৰ চাকিৰ ফলত ৩.৬ শতাংশ আৰু ফুলজাৰিৰ ফলত ৬.৯ শতাংশ।  ফটকাৰ ধোৱাই সাংঘাটিক ধৰণে বায়ু প্ৰদূষণ কৰে আৰু শব্দ প্ৰদূষণো কৰে। ফলত মানুহৰ হৃদপিণ্ডৰ ৰোগ, স্নায়বিক ৰোগ, হাপানী, হাওঁফাওঁৰ  কৰ্কট আদি বিভিন্ন ৰোগৰ উৎপত্তি হয়। তদুপৰি ইয়াৰ পৰা উৎপত্তি হোৱা গেছবোৰে বায়ুমণ্ডলৰ উষ্ণতা বঢ়াই গোলোকীয় উষ্ণতা বঢ়োৱাত অৰিহণা যোগাইছে।সেয়েছে আমি বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনৰ তৰফৰ পৰা ৰাইজলৈ গোহাৰি জনাইছোঁ

এইবাৰ ফটকাবিহীন দেৱালী উদ্‌ যাপন কৰক। আমি

২০১০ ৰ পৰা ২০২১ চনলৈ চিকিৎসা কৰা মুঠ ৰোগীৰ সংখ্যা- ৩৯৮৭ জন (অন্তর্বিভাগ ১৩৩৪ আৰু বহিঃবিভাগ ২৬৫ জন), মৃত্যু হোৱা ৰোগীৰ সংখ্যা- ৩৭৭ জন (২৮.২ শতাংশ) (আশীৰ দশকত মৃত্যুৰ হাৰ আছিল ৬৮ শতাংশ),সম্পূর্ণ সুস্থ হৈ যোৱা ৰোগীৰ সংখ্যা- ৭৮৫ (৫৮.৮ শতাংশ) স্কাৰবিহীন, নিমজ ছাল লৈ উভতি যোৱা ৰোগীৰ সংখ্যা- ৭৫ শতাংশ। তদুপৰি পাটনা, শিলিগুৰি আদিৰ পৰাও ৰোগী আমাৰ ইয়ালৈ জুয়ে পোৰা চিকিৎসাৰ বাবে আহিছে। আমি আৰ্থিকভাবে দুৰ্বল অগ্নিদগ্ধ ৰোগীক চিকিৎসাৰ ক্ষেত্ৰত কিছু সকাহ দিবলৈ আৰ্ত-সেৱা নামৰ এক ন্যাস গঠন কৰি যোৱা মাৰ্চ মাহৰ পৰা এতিয়ালৈ ৪ জন ৰোগীক আৰ্থিক অনুদান আগবঢ়াইছোঁ।'সংবাদ মেলত নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক তথা বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ সভাপতি ডাঃ হিতেশ বৰুৱাই কয়-পোহৰৰ উৎসৱ দীপাৱলী সমাগত। সেয়েহে পোহৰৰ উৎসৱ দীপাৱলী পোহৰেৰে উদযাপন কৰক। দেৱালীত ব্যৱহাৰ কৰা জুইকুৰা আৰু আতচবাজীয়ে বহুতৰ জীৱনলৈ আনে দুর্বিসহ দুখ আৰু যন্ত্রনা। লগতে বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰাইজক ফটকাবিহীন দেৱালী পালন কৰিবলৈ আহ্বান জনালোঁ।' সংবাদ মেলত নেমকেয়াৰ হাস্পতালৰ মেডিকেল ডাইৰেক্টৰ  ডাঃ মিহিৰ কুমাৰ বৰুৱা, ডাঃ চাজিদ আহমেদৰ লগতে কেইবাজনো বিশেষজ্ঞ চিকিৎসক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here