শ্ৰেণী বৰ্জন কৰি কটনিয়ানৰ বিক্ষোভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 21 October 2022

শ্ৰেণী বৰ্জন কৰি কটনিয়ানৰ বিক্ষোভ

 


পূৰ্বৰ উপাচাৰ্যৰ দুৰ্নীতিৰ তদন্ত , শৈক্ষিক সমস্যা সমাধানৰ দাবী



W7s news গুৱাহাটী : কটনৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন শৈক্ষিক সমস্যা সমাধানৰ দাবীত বিভিন্ন শৈক্ষিক সমস্যা সমাধানৰ দাবীত শুকুৰবাৰে দিনৰ ১২ বজাৰ পৰা ১ বজালৈ সমূহীয়া শ্ৰেণীবৰ্জন কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয় ঘেৰাও কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে কটনিয়ানসকলে । বিশ্ববিদ্যালয়খনৰ শৈক্ষিক ভৱন নিৰ্মাণৰ কাম ক্ষীপ্ৰতৰ কৰা , শ্ৰেণীকোঠাৰ অভাৱ দূৰ কৰা , শ্ৰেণীৰ সময়সূচীৰ সমস্যা দূৰীকৰণ , পৰীক্ষাৰ ফলাফল সংক্ৰান্তীয় বিসংগতি দূৰীকৰণ, স্কলাৰশ্বিপ আৰু গৱেষক ছাত্ৰ-ছাত্ৰীৰ ফেল'শ্বিপৰ সমস্যা সমাধান কৰা , বিশ্ববিদ্যালয়ৰ পূৰ্বৰ উপাচাৰ্যৰ কাৰ্যকালত সংঘটিত দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত তদন্ত দাবী , বিশ্ববিদ্যালয়খনৰ নামত গুৱাহাটীৰ ৰূপনগৰ আৰু আজাৰাৰ বঙৰাত  আবণ্টিত ভূমিত নতুন শৈক্ষিক চৌহদ গঢ়ি তোলা , প্ৰশাসনিক খেলি-মেলি দূৰ কৰা , শিক্ষক-অনাশিক্ষক পদত শীঘ্ৰেই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাকে আদি কৰি বিভিন্ন দাবীত আজি কটনিয়ানসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।শিক্ষাৰ্থীসকলে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ 'বিশ্ববিদ্যালয় কৰ্তৃপক্ষ হায় হায়', 'কটনিয়ানৰ শৈক্ষিক সমস্যা সমাধান কৰা', 'পূৰ্বৰ উপাচাৰ্যৰ দুৰ্নীতিৰ তদন্ত কৰক', 'শৈক্ষিক ভৱনৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰতৰ কৰা, 'প্ৰশাসনৰ মইমতালী নচলিব' , 'NO Solution NO Rest' আদি শ্ল'গান দি পৰিৱেশ উত্তৰাৰ কৰি তোলে । বিশ্ববিদ্যালয়ৰ ছাত্ৰ ঋতুৰাজ শইকীয়াই কয়, ''কটন বিশ্ববিদ্যালয়ত সমস্যাৰ অন্ত নাই । সমস্যা বছৰে বছৰে বাঢ়িহে গৈছে । চৰকাৰ কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই ।" এদিন কটনক দক্ষিণ পূৱ এছিয়াৰ ভিতৰতে শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে গঢ় দিয়াৰ সপোন দেখুওৱা হৈছিল যদিও আজি বিশ্ববিদ্যালয়খনত প্ৰায় দুশ শিক্ষকৰ পদ আৰু শতাধিক অনাশিক্ষক পদ খালী হৈ আছে , নিযুক্তিৰ কোনো ব্যৱস্থা নাই বুলি মন্তব্য কৰি শইকীয়াই কয় যে , বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে এই সমস্যাসমূহৰ ফলত জীয়াতু ভুগিব লগীয়া হৈছে । সমস্যাবোৰৰ সময়নিৰ্ধাৰিত ফলপ্ৰসূ সমাধান নহ'লে কটনিয়ান ক্ষান্ত নহয় বুলি তেওঁ সকীয়াই দিয়ে । বিশ্ববিদ্যালয়খনৰ আন এগৰাকী ছাত্ৰ ত্ৰিদীৱ ভাগৱতীয়ে কয় যে কটন আৰু কটনিয়ানৰ সমস্যাক লে কৰ্তৃপক্ষ আৰু চৰকাৰ সম্পূৰ্ণ উদাসীন । এদিন বিশ্বমানৰ বিশ্ববিদ্যালয়ৰ সপোন দেখুওৱা প্ৰাক্তন কটনিয়ান তথা বৰ্তমানৰ ৰাজ্যৰ মূখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰ গঠনৰ দুবছৰ হৈ যোৱাৰ পাছতো  এবাৰলৈও ভৰি দিবলৈ সৌজন্যতাখিনিও প্ৰকাশ কৰা নাই । বিশ্ববিদ্যালয়খনৰ ছাত্ৰী নয়না বৰাই কয়, "ছাত্ৰী নিবাসত আসন নাই , চৌহদ সুৰক্ষিত নহয় - ইমানৰ পাছতো এইসমূহ বিষয়ত কোনেও গুৰুত্ব নিদিয়ে ।" উল্লেখ্য যে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে সম্বোধন কৰি বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দিগন্ত কুমাৰ দাসে কয় যে দিপাৱলীৰ বন্ধ খোলাৰ পাছতে বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত সমূহ কটনিয়ানকে সম্বোধন কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ সমস্যাবোৰ শুনিব আৰু সমস্যাবোৰৰ ফলপ্ৰসু সমাধানাৰ ব্যৱস্থাৱলী গ্ৰহণ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here