W7s news গুৱাহাটী : ডাউন টাউন হাস্পতালৰ উদ্যোগত বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত স্তনৰ কৰ্কট ৰোগৰ সজাগতা বৃদ্ধি কৰাৰ লগতে এক স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। অনুষ্ঠানত অৰ্দ্ধ শতাধিক লোকে অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভাগীয় চিকিৎসকে অংশগ্ৰহণকাৰীসকলক স্তনৰ কৰ্কট ৰোগৰ বিভিন্ন দিশ সম্পর্কে অৱগত কৰে। তদুপৰি এই কৰ্কট ৰোগ নিৰাময়ৰ বিভিন্ন দিশ আলোকপাত কৰে হাস্পতালখনৰ বিভাগীয় চিকিৎসক ডাঃ কৃষ্ণালী হাজৰিকা আৰু ডাঃ উপাসনা চাহৰীয়াই স্তনৰ কৰ্কট ৰোগৰ প্ৰাথমিক লক্ষণ সম্পর্কে ব্যাখ্যা কৰে। অংকিতা শইকীয়া, আনিছা ৰাজবংশী, স্বপ্ন গয়াৰী আৰু কেবাগৰাকী নাৰ্চিং ষ্টাফসহ হাস্পতালৰ কেবাগৰাকী কৰ্মচাৰী উপস্থিত থাকে।
No comments:
Post a Comment