জালুকবাৰীৰ বিশিষ্ট সমাজকর্মী আলহাজ ইব্রাহিম আলীৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 17 October 2022

জালুকবাৰীৰ বিশিষ্ট সমাজকর্মী আলহাজ ইব্রাহিম আলীৰ মৃত্যু

 



W7s news গুৱাহাটী:  গুৱাহাটীৰ উত্তৰ জালুকবাৰী নিবাসী , মালিগাঁও ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক ,  কবি -  সাহিত্যিক আলহাজ ইব্রাহিম আলীৰ অসুস্থতাৰ বাবে সোমবাৰে  পুৱা  মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৮ বছৰ । জালুকবাৰী সাহিত্য সভা , জালুকবাৰী কেন্দ্ৰীয় নাগৰিক কমিটি, জালুকবাৰী ৰঙালী বিহু সন্মিলনী, জালুকবাৰী ঈদগাহ কমিটি , উত্তৰ জালুকবাৰী ১ নং  জামে  মছজিদ, জালুকবাৰী কবৰস্তান,  জালুকবাৰী এথলেটিক ক্লাবকে ধৰি বৃহত্তৰ জালুকবাৰী অঞ্চলৰ বিভিন্ন সামাজিক ,  সাংস্কৃতিক, সাহিত্য, শৈক্ষিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত ,জালুকবাৰী অঞ্চলৰ সৰবৰহী মৃদুভাষী লোকজনৰ মৃত্যুত বৃহত্তৰ জালুকবাৰী অঞ্চলত শোকৰ ছাঁ পৰে। ইব্রাহিম আলীৰ মৃত্যুৰ খৱৰ লাভ কৰাৰ  পাছত  জালুকবাৰী থানা কেন্দ্ৰীয় নাগৰিক কমিটিৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰ,  বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি অধ্যাপক হাচমত আলী,সম্পাদক হৃষিকেশ দাস, উপ-সভাপতি ৰবীন চন্দ্ৰ ৰাজবংশী, সদস্য তথা আকাশৰ সম্পাদকা নুৰজাহান বেগম আৰু জালুকবাৰী নাগৰিক সমিতিৰ সভাপতি  শ্রীমন্ত কুমাৰ দাস আৰু সম্পাদক চাদিক আহমেদ আৰু অসংখ্য গুণমুগ্ধ  লোকে ঘৰলৈ গৈ তেওঁৰ নশ্বৰ দেহত  শেষ শ্ৰদ্ধা  মৃত্যুৰ আগ মূহুৰ্ত্তলৈ ইব্রাহিম আলীয়ে জালুকবাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন  পুত্ৰ ,এজনী জীয়ৰী , বোৱাৰী, জোঁৱাই , নাতি-নাতিনী সহ অগণন গুণমুগ্ধক এৰি থৈ যায়। বিয়লি বহু লোকৰ উপস্থিতিত  সুন্দৰবৰীস্থিত জালুকবাৰী কবৰস্তানত তেওঁৰ জানাজা সম্পন্ন কৰা হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here