চতুৰ্থ বৰ্গৰ ৫১১টা পদৰ নিযুক্তি পৰিক্ষাৰ চূড়ান্ত ফলাফল ঘোষণাৰ দাবী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 17 October 2022

চতুৰ্থ বৰ্গৰ ৫১১টা পদৰ নিযুক্তি পৰিক্ষাৰ চূড়ান্ত ফলাফল ঘোষণাৰ দাবী

 



গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তাল প্ৰতিবাদ প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ


W7s news গুৱাহাটী: ৰাজ্যৰ প্ৰতিবন্ধী সকলৰ চতুৰ্থ বৰ্গৰ ৫১১টা পদৰ নিযুক্তিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে পৰিক্ষা অনুষ্ঠিত কৰিও আজিলৈ চূড়ান্ত ফলাফল ঘোষণা কৰিব নোৱাৰাত ক্ষুন্ন হৈ পৰিছে প্ৰতিবন্ধী সকল৷ চতুৰ্থ বৰ্গৰ পদৰ চূড়ান্ত ফলাফলৰ তালিকা শীঘ্ৰেই প্ৰকাশৰ দাবীত সোমবাৰে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ দিনৰ ১২বজাৰ পৰা দুই বজালৈ প্ৰতিবন্ধী সকলে প্ৰশাসনিক ভৱনৰ সম্মুখত অৱস্থান কৰি ৫১১টা চতুৰ্থ বৰ্গৰ পদৰ চূড়ান্ত ফলাফলৰ তালিকা শীঘ্ৰেই প্ৰকাশ কৰক, বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ময়মতালী নচলিব, প্ৰতিবন্ধী সকলক প্ৰাপ্য অধিকাৰ আদায় দিয়ক, আমাক বঞ্চিত নকৰিব, আমাৰ দাবী নাৰ্য দাবী, আমাৰ দাবী মানি লওক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংস্হাৰ সম্পাদক নৃপেন মালাকাৰে কয় দীৰ্ঘদিনৰ পৰা কৰি প্ৰতিবাদৰ ফলস্বৰূপে ৰাজ্য চৰকাৰে ২০১৮চনৰ ৩১ ডিচেম্বৰতে চতুৰ্থ বৰ্গৰ বিভিন্ন বিভাগত প্ৰতিবন্ধীৰ বাবে সংৰক্ষিত হৈ থকা ৫১১টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ প্ৰথমাৱস্থাত নিযুক্তি পৰিক্ষাটো অনুষ্ঠিত কৰাৰ বাবে অসম আৰক্ষী নিযুক্তি বোৰ্ডক দায়িত্ব দিছিল যদিও এছআই নিযুক্তি পৰিক্ষাত কেলেংকাৰী হোৱাৰ বাবে পৰৱৰ্তী সময়ত পৰিক্ষাটো অনুষ্ঠিত কৰাৰ গুৱাহাটী বিশ্ববিদ্যালয়ক দায়িত্ব দিয়ে৷ আনকি অসম আৰক্ষী নিযুক্তি বোৰ্ডে পৰিক্ষাও অনুষ্ঠিত কৰিছিল কিন্তু ফলাফল দিব নোৱাৰিলে৷ ইফালে দায়িত্ব লাভ কৰাৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ে ২০২১ চনতে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰি যোৱা ২৬ এপ্রিলত চতুৰ্থবৰ্গৰ বিশেষ পৰীক্ষাৰ ফলাফল ৫১১ টা পদৰ বিপৰীতে কিছু বিসংগতিৰে ৪০০০ তকৈ অধিক ব্যক্তিৰ নম্বৰৰ তালিকা প্ৰকাশ কৰে৷ পৰিতাপৰ বিষয় বিগত ছমাহে বিশ্ববিদ্যালয়ে কিয় চূড়ান্ত তালিকা প্ৰকাশ কৰিব নোৱাৰিলে বুলি মালাকাৰে প্ৰশ্ন উত্থাপন কৰে৷ দুঘণ্টা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ অন্তত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ হৈ পঞ্জীয়কে স্মাৰকপত্ৰ গ্ৰহণ কৰি শীঘ্ৰে চৰকাৰৰ লগত আলোচনা কৰি সমস্যাটোৰ সমাধান কৰিব বুলি আস্বাস দিয়াত ক্ষান্ত হয় প্ৰতিবাদকাৰী সকল৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত মধ্য অসম প্ৰতিবন্ধী সংস্হাৰ সভাপতি টংকেশ্বৰ বৰাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক লোক উপস্থিত আছিল৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here